/asomiyapratidin/media/media_files/2025/05/30/w5HNtjdWx1FhYJYc27Bw.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা: ৰাজ্যৰ আন প্ৰান্তৰ লগতে যোৱা ২৯ মে'ৰ পৰা নেৰানেপেৰাকৈ অহা বৰষুণ আৰু নিশাৰ ভাগত হোৱা ধুমুহাৰ ফলত নগাঁও জিলাৰ পশ্চিমাঞ্চলত গৰমৰ পৰা সাময়িকভাৱে জনসাধাৰণৰ সকাহ দিলে যদিও এই ধুমুহা, বৰষুণৰ পৰিণাম ভালকৈয়ে ভূগিবলগীয়া হৈছে।
নিশা অহা এই ধুমুহা বৰষুণৰ ফলত বটদ্ৰৱা, ৰামপুৰ সত্ৰ, বালিসত্র, বেছামাৰী, ধিং, আমলখি, চালনাবৰি, ভোমোৰাগুৰিৰ বহু স্থানত গছ-গছনি ভাঙি পৰাৰ লগতে কেইবাটাও স্থানত বৈদ্যুতিক খুটা উভালি পৰে। ধিঙৰ বহু ঠাইত পথৰ ওপৰতে প্ৰকাণ্ড গছ ভাঙি পৰে। সেইদৰে বটদ্ৰৱাৰো বিভিন্ন অঞ্চলত গছ-গছনি ডাল-পাত ভাঙি পথৰ ওপৰতে বাগৰি পৰে।
ইফালে ধুমুহাৰ সৈতে অহা বৰষুণজাকৰ ফলত বটদ্ৰৱাৰ সৰুহিছা পুথিভঁৰালৰ পৰা বৰহিছা পুথিভঁৰাল সংযোগী পথচোৱাৰ লগতে আন আন ঠাইতো কৃত্ৰিম বানে পথাচাৰিক বাৰুকৈয়ে জুৰুলা কৰিছে। বিশেষকৈ বটদ্ৰৱাৰ সৰুহিছা পুথিভঁৰালৰ পৰা বৰহিছা পুথিভঁৰাল সংযোগী পথচোৱাত পৰিকল্পনাহীনভাৱেই নিৰ্মাণ কৰাৰ বাবে কৃত্ৰিম বান হৈ এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে।
ইফালে নিশাৰ ধুমুহাজাকৰ ফলতে বটদ্ৰৱা, বৰহিছা, সৰুহিছা, বৰভেটি, ডুমডুমীয়া, বালিসত্র, ৰামপুৰ সত্ৰ, ভোমোৰাগুৰি, ভেটিয়নী, ধিং, বেছামাৰীকে ধৰি একাধিক অঞ্চলত বিদ্যুতৰ সংযোগো নিশাৰে পৰা বিকল হৈ আছে। যাৰ ফলত দৈনন্দিন পানী যোগান বন্ধ হৈ একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইফালে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাস আৰু ধিং বিদ্যুৎ উপ সংমণ্ডল বিষয়া মঞ্জুৰুল হকৰ নেতৃত্বত উদ্ধাৰকাৰী দলে আজি পুৱাৰে পৰা নিশালৈকে বৰষুণত তিতি বুৰি উভালি পৰা গছ গছনি আতৰাই পথ সমূহ মুকলি কৰাৰ লগতে বিদ্যুৎ যোগান দিবলৈ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে।