ছপা মাধ্যমৰ সাংবাদিকৰ নতুন সংগঠন "নগাঁও প্ৰীন্ট মিডিয়া"গঠন

নগাঁও সদৰস্থ ছপা মাধ্যমৰ সাংবাদিকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যৰে, ছপা মাধ্যমৰ প্ৰতি অহা জটিলতাক প্ৰতিহত কৰাৰ বাবে ছপা মাধ্যমৰ সাংবাদিকসকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

author-image
Tushar Pratim
New Update
ছপা মাধ্যমৰ সাংবাদিকৰ নতুন সংগঠন নগাঁও প্ৰিন্ট মিডিয়া গঠন 

ডিজিটেল সংবাদ,নগাঁও: নগাঁও সদৰস্থ ছপা মাধ্যমৰ সাংবাদিকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যৰে আৰু শেহতীয়াকৈ ছপা মাধ্যমৰ প্ৰতি অহা বিভিন্ন ধৰণৰ জটিলতাক প্ৰতিহত কৰাৰ বাবে নগাঁও সদৰস্থ বিভিন্ন ছপা মাধ্যমৰ সাংবাদিকসকল একত্ৰিত হৈ আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। নগাঁও চহৰৰ নেহৰু যুৱক কেন্দ্ৰৰ সভাগৃহত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জীতেন বৰকটকী,  জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়া,  জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাস, অজয় মাহাতু, অসীম কুমাৰ ভাৱাল, মুৰুলী বৰুৱা, ছফিকুৰ ৰহমান, হৰেশ্বৰ বৰা, ভাস্কৰ জ্যোতি মেধি আদিয়ে ছপা মাধ্যমৰ সাংবাদিকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে উল্লেখ কৰে। 

Advertisment

নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি যাদৱ শইকীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক পলাশ প্ৰতীম হাজৰিকা, ফাইজুৰ ৰহমান, মিজু বৰা, সুনিল ৰায়কে প্ৰমুখ্যে কৰি নগাঁও সদৰস্থ ছপা মাধ্যমৰ প্ৰায় সকলো সাংবাদিক উপস্থিত থকা সভাখনতে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিকসকলক আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা এখনি বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনি সামগ্ৰিক ভাৱে আঁত ধৰাৰ লগতে সভাৰ আৰম্ভনিতে উদ্দেশ্য ব্যাখ্যা কৰে অন্যতম আহ্বায়ক চন্দন জ্যোতি বৰাই।

এই সভাখনতে ছপা মাধ্যমৰ নগাঁও সদৰস্থ সাংবাদিকসকলক সামৰি "নগাঁও প্ৰিন্ট মিডিয়া" নামৰ এক সাংবাদিক সংগঠন গঠন কৰি এখন তদৰ্থ কমিটি গঠনৰ প্ৰস্তাৱ লোৱা হয়। সেই অনুসৰি জ্যেষ্ঠ সাংবাদিক যাদৱ শইকীয়া, শৈলেন শইকীয়া, অসীম ভাৱাল, গুৰমাইল সিং, জিতেন বৰকটকী, পলাশ প্ৰতীম হাজৰিকা,  অজিত মহেশ্বৰী, বৈদ্যনাথ শ্বাহানী, ছফিকুৰ ৰহমান আৰু ফাইজুৰ ৰহমানক উপদেষ্টা,  কনক হাজৰিকাক সভাপতি, হেমেন কুমাৰ দাসক কাৰ্যকৰী সভাপতি, মুৰুলী বৰুৱা, অজয় মাহাতু, হৰেশ্বৰ বৰা আৰু বিৰিঞ্চি ডেকাক উপ সভাপতি, চন্দনজ্যোতি বৰা আৰু নাজিম উদ্দিন আহমেদক যুটীয়া সম্পাদক ভাস্কৰ জ্যোতি মেধি আৰু ভাস্কৰ জ্যোতি শইকীয়াক সহকাৰী সম্পাদক,  ৰাজজ্যোতি দাস আৰু সূৰজ বৰাক প্ৰচাৰ সম্পাদক,  জে পি সিং,  মিজু বৰা আৰু ওৱাহিদুজ জামানক সাংগঠনিক সম্পাদক, মিন্টু দাস, মহিবুল্লাহ,  গোপাল ৰয়, প্ৰসেনজিৎ মণ্ডল,  সুনিল ৰায়,  মাধুৰ্য ডেকাক সদস্য হিচাপে লৈ তদৰ্থ সমিতিখন গঠন কৰা হয়।

সাংবাদিক