/asomiyapratidin/media/media_files/2025/07/14/399-2025-07-14-08-56-03.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ : বিগত দুটা বছৰ সফলতাৰে সম্পন্ন হোৱাৰ পাছত এইবাৰো নগাঁও জিলাৰ ক্ৰিকেটৰ অন্যতম আকৰ্ষণীয় প্ৰতিযোগিতা নগাঁও প্ৰিমিয়াৰ লীগ ছিজন -৩ ৰ আয়োজনৰ প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠিছে । নগাঁও জিলাৰ বঢ়মপুৰৰ টাস্ক ফিল্ডত অহা ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া "নগাঁও প্ৰিমিয়াৰ লীগ ছিজন- ৩ "ৰ বাবে দেওবাৰে নিশা খেলুৱৈসকলৰ এক নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত হয় ।
বঢ়মপুৰ শ্বহীদ উদ্যানৰ ৰাজহুৱা ভৱনত আই পি এলৰ দৰে অনুষ্ঠিত হোৱা এই নিলাম প্ৰক্ৰিয়া অনুষ্ঠানত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ১৬ টা ক্ৰিকেট দলৰ গৰাকীসকলে অংশগ্ৰহণ কৰে । নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৯২ গৰাকী পঞ্জীয়নভুক্ত খেলুৱৈৰ সোমবাৰৰ এই নিলাম প্ৰক্ৰিয়াত লটাৰীযোগে নিৰ্বাচন হয় ।
আজিৰ এই নিলাম প্ৰক্ৰিয়াত শতাধিক ক্ৰিকেটপ্ৰেমী ৰাইজ আৰু নগাঁৱৰ বহু খেলুৱৈ উপস্থিত থাকে।