Advertisment

নগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ

মঙলবাৰে নগাঁও আৰক্ষীয়ে চহৰখনৰ পাৰ্শ্বৱৰ্তী বৰঘাট বাইপাচত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে

author-image
Asomiya Pratidin
New Update
নগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ 

নগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ 

ডিজিটেল সংবাদ, নগাঁও : মঙলবাৰে নগাঁও আৰক্ষীয়ে চহৰখনৰ পাৰ্শ্বৱৰ্তী বৰঘাট বাইপাচত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা সৰবৰাহকাৰী কেইজনৰ নাম ক্ৰমে  অজয় চাহানী, মোচাৰফ আৰু মজিবুৰ ৰহমান বুলি আৰক্ষী সূত্ৰই জনাইছে।

Advertisment

দলটোৱে নাৰেঙ্গীৰ পৰা নগাঁৱলৈ নিচাজাতীয় টেবলেটসমূহ লৈ আহিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে । তেওঁলোকে ব্যৱহাৰ কৰা এ এছ ০১এইচ চি১৮১০ নম্বৰৰ এখন চুইফট ডিজায়াৰ আৰু এ এছ ০২ এ ই ৮২০৬নম্বৰৰ এখন ব্ৰিজা বাহনো আৰক্ষীয়ে জব্দ কৰে।  ইতিমধ্যে ধৃত দলটোক নগাঁও আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।

Assam police nagaon police