/asomiyapratidin/media/media_files/2025/05/20/gieOuZk8Ed6j1DaAp2FN.jpg)
ডিজিটেল সংবাদ, নগাঁও : বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ নগাঁও আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া। নগাঁও আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ মাফিয়াটো হ'ল- বেঙেনাআটিৰ মইনুল হক ওৰফে ভাই।
অভিযানকালত আৰক্ষীয়ে জব্দ কৰিছে ২০ হাজাৰ নিচাযুক্ত টেবলেট আৰু বুজন পৰিমাণৰ কফ ছিৰাপৰ বটল। জানিব পৰা মতে নগাঁৱৰ বহু স্কুল-কলেজৰ ছাত্ৰক ড্ৰাগছ যোগান ধৰিছিল ভাইয়ে।
নগাঁৱৰ বেঙেনাআটিৰ পৰা মৰিকলং আৰক্ষীয়ে আটক কৰে মইনুল হক ওৰফে ভাইক। উল্লেখ্য যে, মইনুল হকে দীৰ্ঘদিনৰে অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us