দুই পথদস্যুক কৰায়ত্ব নগাঁও আৰক্ষীৰ...

ডিঙিত চুৰি থৈ লুটি নিছিল ম’বাইল আৰু নগদ ধন

author-image
Asomiya Pratidin
New Update
দুই পথদস্যুক কৰায়ত্ব নগাঁও আৰক্ষীৰ...

দুই পথদস্যু

ডিজিটেল সংবাদ,নগাঁওঃ দুই পথদস্যুক কৰায়ত্ব কৰিছে নগাঁও আৰক্ষীয়ে ৷ অকলশৰীয়া পথচাৰীক লক্ষ্য কৰি ডকাইতি কৰা দুই যুৱকক মৰিকলঙ আৰক্ষীয়ে কৰায়ত্ব কৰি সোধপোচ চলাই আছে ৷ আৰক্ষীয়ে জানোৱা মতে যুৱক দুজনৰ নাম হৈছে দীপ বনিয়া আৰু পলাস জমিদাৰ ৷

Advertisment

জানিব পৰা মতে আখতাৰ হুছেইন নামৰ এজন কৰ্মচাৰীক পথদস্যু দীপ আৰু পলাসে চুৰি দেখুৱাই ম’বাইল , নগদ ধন কাঢ়ি নিছিল ৷ যোৰহাটৰ কৰ্মক্ষেত্ৰৰ পৰা গাড়ীৰে বৰঘাটলৈ আহি নগাঁও চহৰলৈ যাত্ৰীবাহী গাড়ী নোপোৱাত খোজকাঢ়ি আহি থকাৰ অৱস্থাত আখতাৰ হুছেইনক দুই যুৱকে বাট ভেটি ধৰিছিল ৷

নিচেই পুৱাতে ধৃত দীপ আৰু পলাসে আখতাৰৰ ডিঙিত চুৰি থৈ লুটি নিছিল ম’বাইল আৰু নগদ ধন ৷ লুটপাত চলাই দুই যুৱক উধাও হোৱাৰ পিছত আখতাৰ হুছেইনে আৰক্ষীক বিষয়টো অৱগত কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই ডিমৰুগুৰিৰ পৰা দীপ আৰু পলাসক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ লগতে লুটি নিয়া ধন আৰু ম’বাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰু পঢ়কঃ অসম গ্ৰন্থমেলা নলবাৰীত উপগ্ৰহ চলচ্চিত্ৰৰ ৫০ বছৰ উপলক্ষে ৰোমন্থন...

nagaon police nagaon assam