নগাঁৱত হত্যাকাণ্ড, কেৰালাত গ্ৰেপ্তাৰ হত্যাকাৰী

নগাঁৱত হত্যাকাণ্ড, কেৰালাত গ্ৰেপ্তাৰ হত্যাকাৰী

author-image
Asomiya Pratidin
New Update
নগাঁৱত হত্যাকাণ্ড, কেৰালাত গ্ৰেপ্তাৰ হত্যাকাৰী

নগাঁৱত হত্যাকাণ্ড, কেৰালাত গ্ৰেপ্তাৰ হত্যাকাৰী

ডিজিটেল সংবাদ নগাঁও : নগাঁও আৰক্ষীয়ে হত্যা কাণ্ডৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । নগাঁও আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ তত্বাৱধানত নগাঁৱৰ আৰক্ষীয়ে হত্যাকাৰীজনক কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

নগাঁও সদৰ থানাত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি আৰক্ষী বিষয়া কলিতাই জনিবলৈ দিয়ে যে, ২১ ডিছেম্বৰত জুৰীয়া আৰক্ষী থানাৰ দগাঁও আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীত মহিদুল ইছলামৰ নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল।

এই গোচৰ অনুসন্ধান অব্যাহত ৰাখি নগাঁৱৰ আৰক্ষী নিশ্চিত হয় যে মহিদুল ইছলামক কোনো লোকে হত্যা কৰিছে। এই অনুসন্ধানৰ আত ধৰিয়েই কেৰেলাৰ পৰা আজিমুল ইছলাম নামৰ অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে নগাঁৱলৈ লৈ আনে।

আৰক্ষীয়ে জনোৱা মতে মহিদুলৰ হত্যাৰ লগত আজিমুল জৰিত আছিল। হত্যাকাণ্ড সংঘটিত কৰিয়েই আজিমুল কেৰেলালৈ পলাই যায়। আৰক্ষীয়ে এই খবৰ লাভ কৰি কেৰেলাৰ আৰক্ষীৰ সহযোগত আজিমুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আজিমুলৰ ঘৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীত। আৰক্ষীয়ে অধিক তথ্যৰ আহৰনৰ বাবে আজিমুলক জেৰা অব্যাহত ৰাখিছে। এই ঘটনাৰ লগত আন কোনো লোক জৰিত আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

ক্লিক কৰি পঢ়কঃ

কেৰালা নগাওঁ হত্যাকাৰী