
ডিজিটেল সংবাদ নগাঁও : নগাঁও চহৰৰ সমীপৰ বেঙেনাআটি নিবাসী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী তথা বিশিষ্ট কবি-সাহিত্যিক এম ইদ্ৰিছ আলীয়ে দেওঁবাৰে ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।
দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত নিজ গৃহতে শয্যাগত হৈ আছিল। উল্লেখ্য যে, প্ৰয়াত ইদ্ৰিছ আলি ১৯৫৯ চনৰ পৰা অসম সাহিত্য সভাৰ লগত জড়িত আছিল। তেওঁৰ গৃহ অঞ্চল মৰিকলং শাখা সাহিত্য সভাৰ ১৯৮৩ চনত উপ-সভাপতি পদত অধিষ্ঠিত আছিল।
তদুপৰি তেওঁ দুটা কাৰ্যকালৰ বাবে নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি আৰু কোষাধ্যক্ষ পদত অধিষ্ঠিত হৈছিল। তেওঁ অসম সাহিত্য সভাৰ এগৰাকী একনিষ্ট সেৱক হিচাপে জড়িত হৈ আজীৱন সাহিত্য কৰ্ম অব্যাহত ৰাখিছিল।
খুহুতীয়া কবিতা ৰচনা কৰি সমাজত পৰিচিত হৈ পৰা ইদ্ৰিছ আলীয়ে কেইবাখনো গ্ৰন্থ সম্পাদনা কৰাৰ লগতে "হিয়াৰ মণি মুকুতা" আৰু " হিয়াৰ বালিচন্দা" নামৰ দুখন কবিতা পুথি ৰচনা কৰিছিল। তেওঁ নগাঁও মহকুমা নিচামুক্তি আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ এগৰাকী সদস্য হিচাপে জড়িত হৈ সমাজৰ পৰা ড্ৰাগছ নিৰাময়ৰ চেষ্টা চলাই সমাজ সেৱাত জড়িত হৈছিল।
আনহাতে এম ইদ্ৰিছ আলী নগাঁৱত এগৰাকী সফল কৃষক হিচাপেও পৰিচিত। তেওঁ ভাৰত কৃষক সমাজৰ আজীৱন সভ্য আছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বেঙেনাআটিস্থ নিজা গৃহত বহু গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে।
অসম চৰকাৰৰ অধীনস্থ উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ পৰা ১৯৮৯ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা ইদ্ৰিছ আলীয়ে মৃত্যুৰ সময়ত তেওঁৰ ছয়গৰাকী সন্তানসহ কেইবাটাও নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়। সোমবাৰে পুৱা ১০ বজাত স্থানীয় বেঙেনাআটি কবৰস্থানত জানাজা সম্পন্ন কৰা হ'ব।
কবি-সাহিত্যিক গৰাকীৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভা, মৰিকলং শাখা সাহিত্য সভা, জুৰীয়া শাখা সাহিত্য সভা, আমছুৰ নগাঁও জিলা সমিতি, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও জিলা চি চি এম অ', চৰ চাপৰি সাহিত্য পৰিষদৰ নগাঁও জিলা সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।