পঞ্চায়ত নিৰ্বাচনত প্ৰথমটো জয়ঃ বঢ়মপুৰ-যমুনামুখত কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

বঢ়মপুৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী পাৰবিন চুলতানা আৰু যমুনামুখ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী জুৰি দাসে আজি মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
ে

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাৰ অন্তৰ্গত বঢ়মপুৰ আৰু যমুনামুখ জিলা পৰিষদত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। আজি সন্ধিয়া বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এক সংবাদ মেল অনুষ্ঠিত এই কথা সদৰি কৰে।

বঢ়মপুৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী পাৰবিন চুলতানা আৰু যমুনামুখ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী জুৰি দাসে আজি মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান কৰে। ফলত বঢ়মপুৰ আৰু যমুনামুখ জিলা পৰিষদ সমষ্টিৰ বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী ক্ৰমে সুনীতা ইংতিপি আৰু পুৰৱী বৰদলৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে।

তদুপৰি বঢ়মপুৰ সমষ্টিৰ ২৮ টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৩ টাত বিজেপিয়ে আৰু ৫ টাত অগপই প্ৰতিদ্বন্দিতা কৰিছে। বিজেপিৰ ২৩ টাৰ ভিতৰত ১০ টা আঞ্চলিক পঞ্চায়তত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয়। অৱশ্যে বিজয়ৰ আনুষ্ঠানিকতা আয়োগৰ ফালৰ পৰা ঘোষণা হ'বলৈ বাকী আছে।

পঞ্চায়ত নিৰ্বাচন