/asomiyapratidin/media/media_files/2025/06/15/aIDpjjySibm9dOMZ7A3L.jpg)
ডিজিটেল সংবাদ , নগাঁও : সংখ্যালঘু লোক সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ লগতে জনগোষ্ঠীটোক সঠিক দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে গঠিত সচেতন নাগৰিক মঞ্চ নগাঁৱৰ এখন সাধাৰণ সভা আজি অনুষ্ঠিত হয়। নগাঁও চহৰৰ এলফিনিষ্টন কমপ্লেক্সত অনুষ্ঠিত সাধাৰণ সভাখনত সভাপতিত্ব কৰে মঞ্চৰ আহ্বায়ক সমিতিৰ সভাপতি অধ্যাপক মজিবুৰ ৰহমানে।
এই সভাতে আহ্বায়ক সমিতিখন ভংগ কৰি মঞ্চৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সেই অনুসৰি, বিশিষ্ট সমাজকৰ্মী ইকৰামুল হুদাক সভাপতি, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল হান্নান লস্কৰ, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষযা আবুল হুছেইন আৰু মানৱ অধিকাৰ কৰ্মী মতিউৰ ৰহমানক কাৰ্যকৰী সভাপতি, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা অধিবক্তা নুৰুল আমিনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে সচেতন নাগৰিক মঞ্চৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।
লগতে অধ্যাপক মজিবুৰ ৰহমানক মুখ্য উপদেষ্টা, প্ৰাক্তন বিধায়ক তথা সংখ্যালঘু নেতা ক্ৰমে আব্দুল আজিজ, মজিবুৰ ৰহমান আৰু বিশিষ্ট শিক্ষাবিদ ফজলুল হক মৰলক লৈ এখন উপদেষ্টা মণ্ডলী গঠন কৰা হয়। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ নাগৰিক মঞ্চই গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে এটা ৰাজনৈতিক বাবে প্ৰভাৱশালী চক্ৰই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে।
এই ক্ষেত্ৰত সকলোৱে ৰাইজক সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। এটা নিৰ্দিষ্ট জনগোষ্ঠীক টাৰ্গেট কৰি কেতিয়াবা নাগৰিকত্বৰ নামত কেতিয়াবা উচ্ছেদৰ নামত বিভিন্ন ধৰণে হাৰাশাস্তি কৰি থকা বিষয়টোত নাগৰিক মঞ্চই আগন্তুক দিন সমুহত ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি গণতান্ত্ৰিক ভাবে আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ সমান্তৰাল ভাবে ন্যায়িক যুঁজ চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
তদুপৰি, বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম অংগ হিচাপে পৰিচিত সংখ্যালঘু মুছলমান সকলক সকলো ধৰণৰ সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত গণতান্ত্ৰিক তথা ধৰ্ম নিৰপেক্ষ মনোভাৱাপন্ন বিশিষ্ট ব্যাক্তিক আমন্ত্ৰণ কৰি অচিৰেই নগাঁৱত এক নাগৰিক অভিৱৰ্তন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি, ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ লগত সমিল মিলেৰে আগুৱাই যোৱাৰ পোষকতা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি মঞ্চৰ নৱ নিৰ্বাচিত সভাপতি ইকৰামুল হুদা আৰু সাধাৰণ সম্পাদক নুৰুল আমিনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।