/asomiyapratidin/media/media_files/2025/02/25/Hbx4hJpaL39SgIxJxa5O.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: পাখি আৰু মাংসৰ বাবে সম্প্ৰতি ৰাজ্যত পক্ষী নিধন যজ্ঞ অব্যাহত আছে। বনৰীয়া বা পৰিভ্ৰমী পক্ষীক লৈ গঢ়ি উঠা চোৰাং বজাৰখনৰ বাবেই এতিয়া অবাধ গতিত হত্যা কৰা হয় বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই। চোৰাং চিকাৰীয়ে আকাশী জাল বা ফান্দ পাতি এই বিনন্দীয়া চৰাইসমূহৰ গোপনে ধৰি আহিছে।
নগাঁও জিলাৰ বটদ্ৰৱা, ধিং আৰু মৰিগাঁও জিলাৰ মিকিৰ ভেটা আৰক্ষী থানাৰ এলেকাধীন বহু অঞ্চলত বৰ্তমান অব্যাহত আছে বন্য বিহংগ নিধনৰ প্ৰক্ৰিয়া। এই অঞ্চলৰ বিখ্যাত কুজি বিল, ৰৌমাৰী বিল, দেওৰা বিল তথা বিলৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ একাংশ চোৰাং চিকাৰীয়ে জাল পাতি জাকে জাকে বনৰীয়া চৰাই ধৰি আছে।
এই বিলত চিকাৰীয়ে পাতি থোৱা জালত নিতৌ বন্দী হয় শৰালি, বনৰীয়া ৰাজহাঁহ, কামচৰাই আৰু নেজাল হাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী। জালত বন্দী হোৱা এই পক্ষীসমূহ ধল পুৱাতেই চোৰাং চিকাৰীয়ে কৰায়ত্ত কৰি চোৰাং বজাৰ আৰু আঢ্যৱন্ত লোকৰ ঘৰলৈ লৈ যায়।
এনেধৰণৰ দুস্কৃতিকাৰীৰ উপদ্ৰৱ চলি থকাৰ সময়তে আজি বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনিয়াভেটি গাঁৱৰ পৰা ৩ জন চোৰাং চিকাৰী সহ কেইবাটাও বনৰীয়া চৰাই উদ্ধাৰ কৰা হয়। ধনীয়াভেটি পথাৰৰ পৰা গোপনে বনৰীয়া পক্ষী ধৰি উভটি আহোতে নিজাম উদ্দিন, জুলহাচ আলী আৰু মুদাচিৰ আলম নামৰ তিনিটা চোৰাং চিকাৰীক ৰাইজে সন্দেহ কৰি সোধ পোছ কৰি আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে হাতে লোটে আটক কৰে।
পাছত বটদ্ৰৱা আৰক্ষীয়ে নগাঁও বন সংমণ্ডলক খৱৰ দিয়াত পাঁচটা জীৱন্ত পক্ষী উদ্ধাৰ কৰি মুকলি কৰি দিয়া হয়। ৭ টা মৃত পক্ষী উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীয়ে নিজাম উদ্দিন, জুলহাচ আলী আৰু মুদাচিৰ আলমক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।