নগাঁৱৰ কলাদৰ্শন একাডেমীৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

অনুষ্ঠানত উপস্থিত থাকে ভূৱনেশ্বৰ শইকীয়া, ৰেৱত মহন্ত, অভিনেতা আৰু নৃত্যশিল্পী আদি

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কলাদৰ্শন একাডেমীৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

কলাদৰ্শন একাডেমীৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী নগাঁও জিলাৰ দক্ষিণপাট গাৱঁৰ এগৰাকী প্ৰতিভাৱান নৃত্যশিল্পী লগতে এগৰাকী চৰকাৰী বিদ্যালয়ৰ সহকাৰী শিক্ষক পাৰ্থ প্ৰতিম দাসৰ তত্বাৱধানত ২০১৪ চনত জন্ম লাভ কৰা কলাদৰ্শন একাডেমীৰ ৮ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। অতি উলহ-মালহেৰে যোৱা ২৭ অক্টোবৰ তাৰিখে নগাঁও জিলা পুথিভড়াল প্ৰেক্ষাগৃহত উক্ত উদযাপন কাৰ্যসূচী আয়োজন কৰে।

Advertisment
অনুষ্ঠানৰ একাংশ
অনুষ্ঠানৰ একাংশ

প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰে অসম ভিত্তিক একক নৃত্য প্ৰতিযোগিতা আৰু সাজপাৰ প্ৰতিযোগিতা । য'ত শিৱসাগৰ, বঙাইগাঁও, তেজপুৰ প্ৰমুখ্যে অসমৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে আহি ভাগ লয় বুলি জানিবলৈ দিয়ে ।

অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ভূৱনেশ্বৰ শইকীয়া, ভা. অধ্যক্ষ দক্ষিণপাট উ. মা. বিদ্যালয়, ৰেৱত মহন্ত, সহকাৰী অধ্যাপক, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা, কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসম আৰু সঞ্জয় টিৱাৰী, বিশিষ্ট অভিনেতা আৰু নৃত্যশিল্পী। লগতে ২০১৬ বৰ্ষত জন্মা কলাদৰ্শন একাডেমীৰ অংগস্বৰূপ কলাদৰ্শন সাংস্কৃতিক গোষ্ঠীৰ প্ৰাক্তন তথা নৱ সদস্য সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে উক্ত দিনা চিত্র কলা আৰু হস্তশিল্পৰ এখনি প্ৰদৰ্শনীও প্ৰান্তিকা বৰা আৰু সমীৰ নাথৰ তত্বাৱধানত অনুষ্ঠিত হয় ।

assam nagaon