সম্বৰ্ধনা অনুষ্ঠান
সম্বৰ্ধনা অনুষ্ঠান

নগাঁৱত কাৰাটেত পদক লাভ কৰা খেলুৱৈক সম্বৰ্দ্ধনা...

পদক লাভ কৰা খেলুৱৈ সকলক মানপত্ৰ, গামোচা , ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলালৈ কাৰাটে প্ৰতিযোগিতাত সুনাম কঢ়িয়াই অনা ৪ গৰাকীকৈ খেলুৱৈক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ নগাঁও কাৰাটে সন্থাই দেওবাৰে ডিমৰুগুৰিস্থিত কাৰ্যালয়ত এই উপলক্ষে এক সভা অনুষ্ঠিত কৰে ৷

উল্লেখ্য যে, দ্বিতীয় অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত নগাঁৱৰ লয়চমিতা বৰাই সোনৰ পদক , অংকিতা ৰাজবংশীয়ে সোনৰ পদক , প্ৰিঞ্চ দত্তই ৰূপৰ পদক আৰু ৰাখি ৰাজখোৱাই ব্ৰঞ্জৰ পদক লাভ কৰি নগাঁৱলৈ সন্মান কঢ়িয়াই আনিছিল ৷ পদক লাভ কৰা খেলুৱৈ সকলক মানপত্ৰ, গামোচা , ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ সভাত লীলা বৰা ,মৃনাল কুমাৰ বৰা ,পংকজ মুদৈ আদি উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in