নগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সোনৰ গহনা সহ দুজন চোৰক...

অভিযান চলাই আৰক্ষীয়ে দুয়োৰে জিম্মাৰ পৰা প্ৰায় ৮ লাখ টকাৰ সোনৰ অলংকাৰ উদ্ধাৰ কৰে

author-image
Asomiya Pratidin
New Update
নগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সোনৰ গহনা সহ দুজন চোৰক...

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত চোৰ দুজন

ডিজিটেল সংবাদ,নগাঁওঃ বিভিন্ন লোকৰ ঘৰত ইলেক্ট্ৰেচিয়ান হিচাপে কাম কৰাৰ সুবিধা লৈ সোন-ৰূপৰ অলংকাৰ চুৰি কৰি অহা এটা চক্ৰৰ দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা চোৰ দুজনৰ নাম হৈছে সুৰেন দাস আৰু বিকাশ সৰকাৰ ৷

Advertisment

জানিব পৰা মতে, লাওখোৱা ৰোডৰ এজন ব্যৱসায়ীৰ ঘৰত বিদ্যুতৰ মেৰামতিৰ কাম কৰি থকাৰ সময়ত সুৰেন আৰু বিকাশে সুবিধা বুজি লকাৰৰ পৰা সোনৰ গহনা চুৰি কৰিছিল ৷ ঘটনাৰ সন্দৰ্ভত গৃহস্থই আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছত হয়বৰগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷

আৰক্ষীৰ তদন্তৰ সময়তে সোনৰ গহনা চুৰিৰ ঘটনাৰে সুৰেন আৰু বিকাশ জৰিত থকাটো নিশ্চিত হয় ৷ অভিযান চলাই আৰক্ষীয়ে দুয়োৰে জিম্মাৰ পৰা প্ৰায় ৮ লাখ টকাৰ সোনৰ অলংকাৰ উদ্ধাৰ কৰে ৷

nagaon police nagaon