নগাঁও পৌৰসভাৰ সজাগতা মূলক কাৰ্যসূচী...

নিত্য সা-সামগ্ৰীৰ পৰা ওলোৱা জাৱৰ-জোথৰ সমূহ শুকান আৰু তিতা পৃথকে পৃথকে ৰাখিবলৈ সকলোকে আহ্বান জনায়

author-image
Asomiya Pratidin
New Update
নগাঁও পৌৰসভাৰ সজাগতা মূলক কাৰ্যসূচী...

সজাগতা সভা

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও পৌৰসভাই পৌৰ এলেকাত পৰিস্কাৰ -পৰিছন্নতা অক্ষুণ্ণ ৰাখি চহৰখনক স্বচ্ছতাৰ পৰিচয় দাঙি ধৰাৰ এক প্ৰয়াস হাতত লৈছে। বিশেষকৈ নগাঁও পৌৰসভাৰ অন্তৰ্গত ৭ নং মহলা আৰু ৮ নং মহলাটোক মডেল ৱাৰ্ড (আদৰ্শ মহলা) ৰূপে ঘোষণা কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

Advertisment

ইয়াৰ অংশ স্বৰূপে শুকুৰবাৰে নগাঁও পৌৰসভাই ৮ নং মহলাৰ আমোলাপট্টিত থকা ৰত্নকান্ত বৰকাকতী হাইস্কুল, শিৱস্থান প্ৰাথমিক বিদ্যালয় আৰু নৱৰূপ জাতীয় বিদ্যাপীঠত স্বচ্ছতা সম্পৰ্কে এক সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা, কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজা শৰ্মা, স্বচ্ছতাৰ ক্ষেত্ৰ বিষয়া ক্ৰমে দীপজ্যোতি বৰা আৰু নিলাক্ষী শইকীয়াই অংশগ্ৰহণ কৰা এই সজাগতা মূলক অভিযানত উপ-পৌৰপতি সীমান্ত বৰাই নিজৰ বক্তব্যত ছাত্ৰ-ছাত্ৰীৰ কিদৰে নিজৰ নিজৰ শিক্ষানুষ্ঠান চৌহদ,শিক্ষক- শিক্ষাৰ্থী সকলৰ বাসগৃহৰ লগতে নিজৰ নিজৰ বাসগৃহৰ এলেকাটো পৰিস্কাৰ -পৰিছন্ন কৰি ৰাখিবলৈ সকলোকে আহ্বান জনোৱাৰ উপৰিও সকলোৰে সহযোগিতা কামনা কৰে।

তদুপৰি নাগৰিক সকলৰ বাসগৃহ তথা শিক্ষানুষ্ঠানত সততে ব্যৱহাৰ কৰা নিত্য সা-সামগ্ৰীৰ পৰা ওলোৱা জাৱৰ-জোথৰ সমূহ শুকান আৰু তিতা পৃথকে পৃথকে ৰাখিবলৈ সকলোকে আহ্বান জনায় আৰু সেই পেলনীয়া সামগ্ৰী খিনি পৌৰসভাৰ কৰ্মী অথবা আত্মসহায়ক গোট সমূহৰ দ্বাৰা নিয়োজিত কৰ্মী সকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব।

সংগৃহীত সামগ্ৰী পৌৰসভাই স্থাপন কৰা বিশেষ প্ৰকল্পৰ জৰিয়তে ৰিচাইকেলিং পদ্ধতিৰে পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী উৎপাদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আনহাতে তিতা পেলনীয়া সামগ্ৰী খিনিৰ দ্বাৰা পছন সাৰ উৎপাদন আৰম্ভ কৰাৰ আন এক অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি উপ-পৌৰপতি সীমান্ত বৰাই নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষক- শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থী সকলক অৱগত কৰে।

nagaon asaaam