/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/58fd89d3-1356-4518-bf35-ab8713e3e48c/kobita.jpg)
Nagaon
ডিজিটেল সংবাদ,নগাঁওঃ অসমীয়া সাহিত্য সন্মিলনী নগাঁও জিলাৰ উদ্যোগত দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দুখনকৈ কাব্য গ্ৰন্থ উন্মোচন কৰে । নগাঁও জিলা পেঞ্চনাৰ ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ডা০ ঋষেশ্বৰ ঠেঙাল শইকীয়াৰ 'কবিতাৰ প্ৰেমত এজনী ছোৱালী' কাব্য গ্ৰন্থ খনৰ কবি অশুতোশ বিশ্বাসে কৰা বাংলা অনুবাদ 'কবিতাৰ প্ৰেমে একটি মেয়ে' কাব্য গ্ৰন্থ খন উন্মোচন কৰে অসমৰ বৰেণ্য কবি ডা০ প্ৰয়াগ শইকীয়াই ।
গ্ৰন্থখন উন্মোচন কৰি কবি প্ৰয়াগ শইকীয়াই কয় 'শব্দই পৃথিৱী ভ্ৰমণ কৰিব পাৰে আৰু এগৰাকী অনুবাদকে এই যাত্ৰাত চালকৰ ভূমিকা গ্ৰহণ কৰে। বঙালী সাহিত্যৰ অনুবাদতকৈ অসমীয়া সাহিত্যৰ অনুবাদ সংখ্যা তেনেই কম । এই ক্ষেত্ৰত সাহিত্য ক্ষেত্ৰ খনৰ লগত জড়িত সকলৰ কিছু কৰণীয় আছে । এটা ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অনুবাদ সাহিত্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
একেটা অনুষ্ঠানতে কবি অনিমা বৰাৰ কাব্য গ্ৰন্থ 'কবিতা মানে কি' উন্মোচন কৰে বিশিষ্ট কবি ডা০ বিজুজ জাহান চালেহা বেগমে । অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সচিব ড° দিলীপ বৰা ।
অনুষ্ঠানত নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীয় মাহেকীয়া ক্ষুদ্ৰ আলোচনী 'মাহিলী' উন্মোচন কৰি অধ্যাপক ড° দিলীপ বৰাই কয় অসমীয়া ভাষাটো উদ্ধাৰ আৰু প্ৰতিষ্ঠাৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনেকে লৈ বহু জনে এক দীঘলীয়া সংগ্ৰাম কৰিছিল । এক দীঘলীয়া সংগ্ৰামৰ অন্তত ভাষাটোৱে প্ৰতিষ্ঠা লাভ কৰিলে যদিও শেহতীয়াকৈ আমাৰ চেনেহী ভাষাটোক জীয়াই ৰখাৰ ক্ষেত্ৰত কিছু হতাশ জনক খবৰ আহিবলৈ ধৰিছে ।
এদিন বৃটিছ আৰু বঙালী জাতীয়তাবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰি অসমীয়া ভাষাটোক উদ্ধাৰ কৰা হৈছিল । কিন্তু সেই প্ৰত্যাহ্বান এতিয়া নাই যদিও তাতোকৈ ডাঙৰ প্ৰত্যাহ্বান আহিছে আমাৰ নিজৰ মাজৰ পৰা । ভাষাটোৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত আমাৰ সকলোৰে আন্তৰিক সদিচ্ছা থাকিব লাগিব । ভাষাটোৰ প্ৰতি আমাৰ যদি নিভাঁজ প্ৰেম থাকে, প্ৰতি মূহুৰ্তত ভাষাটোক যদি আমি চৰ্চা কৰো তেতিয়া কোনো চৰকাৰী সিদ্ধান্তই অসমীয়া ভাষাটোক নাইকীয়া কৰিব নোৱাৰে । অধ্যাপক গৰাকীয়ে এই প্ৰসংগত নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰেম কেনেকুৱা হব লাগে সেই কথা বাংলা বা তামিল সকলৰ পৰা জানিব বুজিব পাৰিব বুলি মন্তব্য কৰে । মুঠতে ভোগবাদী সমাজ ব্যৱস্থাত নিজৰ মাতৃভাষাটোৰ প্ৰতিও অলপ সময় দিবলৈ সকলোকে আহ্বান জনায়।
অনুষ্ঠানত সাহিত্যিক ফনিন্দ্ৰ নাথ গয়ন,খগেন শইকীয়া, মুকুট ভূঞা, শিক্ষাবিদ মৃদুপৱন বৰা প্ৰমুখ্যে যঠেষ্ট সাহিত্যিক, সাহিত্যনুৰাগী উপস্থিত থাকে। গ্ৰন্থ উন্মোচনৰ পাছতে নিজৰা শইকীয়া , অশোক ৰাম ভট্টাচাৰ্যই পৰিছালনা কৰা আৰু বন্দনা নাথ ঠাকুৰীয়াই আঁত ধৰা কবিতা পাঠৰ অনুষ্ঠানত যথেষ্ট সংখ্যাক ন পুৰণি কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ।