নগাঁৱত ৮ টাকৈ পথৰ আধাৰশিলা স্থাপনঃ প্ৰদ্যুৎ বৰদলৈ - ৰূপক শৰ্মাৰ...

উন্নয়নৰ স্বাৰ্থত একলগ হ’ল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বি জে পি বিধায়ক ৰূপক শৰ্মা
Pradyut-Rupak
Pradyut-Rupak

ডিজিটেল সংবাদ,নগাঁওঃ উন্নয়নৰ স্বাৰ্থত একলগ হ’ল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বি জে পি বিধায়ক ৰূপক শৰ্মা ৷ নগাঁৱ বিধানসভা সমষ্টিত পৰস্পৰ বিৰোধী ৰাজনৈতিক দলটোৰ দুই জন প্ৰতিনিধি একলগ হোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে ৷

২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ-৩ ৰ অধীনত খাগৰিজান উন্নয়ন খণ্ড আৰু পাখিমৰীয়া উন্নয়ন খণ্ডত নিৰ্মান হ'বলগীয়া ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ বৰদলৈ আৰু বিধায়ক শৰ্মাই ।

আধাৰশিলা স্থাপন কৰা খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত পথ কেইটা হৈছে লালচন্দ টোডী মিল পথৰ পৰা উত্তৰ ইটাপাৰা হৈ মাজৰ‌আটি লৈ, লাওখোৱা পথৰ পৰা ৰূপহী হৈ জুৰীয়াৰ বালিকটীয়া পথলৈ, নগাঁও ভূৰাগাঁও পথৰ পৰা বৰভেটি কাছমাৰী হৈ নিজ কাছমাৰী পথলৈ, ৰূপহীগাঁও উত্তৰ ইটাপাৰাৰ পৰা লাঁওখোৱা হৈ উত্তৰ হেৰাপট্টিলৈ , কেন্দ্ৰগুৰি পৰা হেৰাপট্টি পূৱ নাৰমাৰী হৈ চিলঙনি পৰ্যন্ত , ভকতগাঁও বজাৰ পথৰ পৰা ভকতগাঁও গাঁও হৈ বামুনগাঁৱলৈ ৷

আনহাতে পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত আধাৰশিলা কৰা পথ সমূহ হৈছে ননৈ দক্ষিণপাট পথৰ পৰা উজনিচুক বালিপাৰা হৈ দীঘলদৰি লৈ ,দক্ষিণপাট পথৰ পৰা মৌখাটি গাঁও হৈ মৰিকলং পথলৈ।

নগাঁও সদৰ সমষ্টিত নতুনকৈ নিৰ্মান হ'বলগীয়া পথ সমূহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সাংসদ প্ৰদ্যুৎ বৰদলৈ ,বিধায়ক ৰূপক শৰ্মাৰ লগতে কাছমাৰী জিলা পৰিষদৰ সভানেত্ৰী কাঞ্চন পাটৰ বৰদলৈ, খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলী কোঁৱৰ,সমাজকৰ্মী হৰিচৰণ ডেকা প্ৰমুখ্যে লোক নিৰ্মান বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in