/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/aa0da2a1-4e9d-4a70-bae1-06edf7d55e60/nss.jpg)
NSS
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাওঁ জিলাৰ চিলঙনিত শুকুৰবাৰে ৰাষ্ট্ৰীয় সেৱা আঁচনি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় গোটৰ গৃহীত গাঁৱৰ কাৰ্যসূচীৰ সফল সমাপ্তি হয়। ২০ তাৰিখে গৃহীত গাওঁ চিলঙনীত পুৱাই চাফাই অভিযানেৰে আৰম্ভ হয় মূল কাৰ্যসূচী।
ইয়াৰ পিছতেই NSS ৰ ছাত্ৰ ছাত্ৰী সকলে ঘৰে ঘৰে জৰীপ কৰে আৰু ৰাইজৰ সমস্যা সমূহ লিপিবদ্ধ কৰে। আজি পুৱাই চিলঙনী মুক্তাব বিদ্যালয়ত বৃক্ষ ৰোপণ, ৰাইজৰ মাজত নাৰী শিক্ষা, বাল্য বিবাহ বন্ধৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰে।
উক্ত কাৰ্যসূচীত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ NSS গোটৰ কাৰ্যসূচী বিষয়া প্ৰশান্ত কুমাৰ গগৈ, সদস্যা হেনা খান,NSS গোটৰ ছাত্ৰ ছাত্ৰী সকল, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।