
ডিজিটেল সংবাদ , বেবেজীয়াঃ টাইকোৱাণ্ড একাডেমী, ইণ্ডিয়া নগাওঁ জিলা শাখা আৰু কচলুখোৱা শাখাৰ সহযোগত অনুষ্ঠিত নগাওঁ জিলাৰ বিভিন্ন শাখা সমুহৰ কালাৰ বেল্ট প্ৰমোচন টেষ্ট আৰু আন্তঃক্লাৱ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা কালি নিশা সামৰণি পৰে। নগাওঁ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰতিযোগিতাত ১৫০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দল কচলুখোৱা শাখা, দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে কামপুৰ শাখা আৰু ফেয়াৰ প্লে বঁটা ৰূপহী শাখাই লাভ কৰিবলৈ সক্ষম হয়। বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়াই কয় যে, চৰকাৰে ক্ৰীড়াৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় টাইকোৱাণ্ড সম্প্ৰতি জনপ্ৰিয় খেললৈ ৰূপান্তৰিত হৈছে।
অনুষ্ঠানত মাষ্টাৰ ৰাজু কোঁৱৰ, নগাওঁ জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি কনক হাজৰিকা, বীৰ লাচিত সেনাৰ ৰাজ্যিক মুখপাত্ৰ প্ৰকাশ বৰুৱা, নগাওঁ শাখা টাইকোৱাণ্ডৰ সম্পাদক ৰাজীৱ বৰা আদিয়ে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানতে শিশু খেলুৱৈ ৰাজনন্দিনি বৰাই টাইকোৱাণ্ডত আন্তৰ্জাতিক পৰ্যায়ত সফলতা লাভ কৰাৰ বাবে সম্বৰ্ধনা জনায়।