/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c10881f7-82ba-42e8-86fa-48f78665d8ab/pic_eimuhurtor_khobor_copy.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চুৰিৰ ঘটনা সংঘটিত হৈ থকাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ৷ বিশেষকৈ ঘৰত মানুহ নথকাৰ সুযোগলৈ চোৰে চাফাই অভিযান চলাই আহিছে ৷
দুদিনৰ পূৰ্বে নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও পি এন মেডিচিন চেন্টাৰৰ পৰা চোৰে ইনভাৰটাৰ মেচিন চুৰি কৰি লৈ যায় ৷ এই সন্দৰ্ভত মেডিচিন চেন্টাৰটোৰ স্বত্বাধিকাৰী উত্তম কুমাৰ নাথে হয়বৰগাঁও আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
উল্লেখ যে, উক্ত প্ৰতিষ্ঠানটোৰ পৰা পূৰ্বেও চোৰে ইনভাৰটাৰৰ মেচিন চুৰি কৰিছিল ৷ নগাঁৱত হৈ থকা চুৰি কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ সচেতন মহলে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷