নগাঁৱত কুকুৰৰ মুখত নৱজাতকৰ মৃতদেহ, লৈ আনিলে চিকিৎসালয় চৌহদৰ পৰা...

নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ ৰাজপথত ওলাল নৱজাতকৰ মৃতদেহ ৷
নগাঁৱত কুকুৰৰ মুখত নৱজাতকৰ মৃতদেহ, লৈ আনিলে চিকিৎসালয় চৌহদৰ পৰা...

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ ৰাজপথত ওলাল নৱজাতক ৷ বিয়লি নগাঁও চহৰৰ কাষৰীয়া এলেকা ডিফলু ম’হখুলিত সংঘটিত হৈছে এই ঘটনা ৷

নগাঁও-নলতলি ৰাজ্যিক ঘাইপথত মঙলবাৰে বিয়লি এটি মৃত নৱজাতক স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয় ৷ স্থানীয় লোকে ৰাজপথত কুকুৰৰ মুখত প্ৰথমে মৃত নৱজাতকটো দেখা পায় ৷ কুকুৰৰ মুখত নৱজাতক প্ৰত্যক্ষ কৰি প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ বাখৰ কৰাত দিফলু তিনিআলিত পথৰ ওপৰতে নৱজাতকটো পেলাই কুকুৰটো আঁতৰি যায় ৷

স্থানীয় লোকৰ মতে ম’হখুলি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালৰ চৌহদৰ পৰা নৱজাতকৰ মৃতদেহ কামুৰি লৈ আহিছিল ৷ মৃত নৱজাতকটোৰ মূৰটো চিন্ন অৱস্থাত আছিল ৷ এই ঘটনাৰ পিছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত নবজাতকটো উদ্ধাৰ কৰি লৈ যায় ৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in