পৰিকল্পিত! সুব্ৰতই ক'লে, কিয়, কেনেকৈ হত্যা কৰিলে মহিলাক...

মহালয়াৰ সন্ধিয়া নগাঁৱৰ হৰিজন কলনিত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰে জড়িত এটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
পৰিকল্পিত! সুব্ৰতই ক'লে, কিয়, কেনেকৈ হত্যা কৰিলে মহিলাক...

nagaon murder case

ডিজিটেল সংবাদ,নগাঁও : মহালয়াৰ সন্ধিয়া নগাঁৱৰ হৰিজন কলনিত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰে জড়িত এটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ৰূমী দত্ত নামৰ মহিলা গৰাকীক ডিঙি ৰেপি হত্যা কৰা চোৰটোৰ নাম হৈছে সুব্ৰত মজুমদাৰ ৷ অভিযুক্ত সুব্ৰত আছিল ৰূমী দত্তৰ স্বামী ৰাজু দত্তৰ ফাৰ্মাচী “ ৰাজ মেডিকেলৰ“ৰ কৰ্মচাৰী ৷

Advertisment

সুব্ৰত মজুমদাৰে দেওবাৰে সন্ধিয়া হৰিজন কলনিত থকা ৰাজু দত্তৰ ঘৰলৈ আহিছিল ৷ নিজৰ মটৰ চাইকেল খন লৈ সুব্ৰত ৰাজু দত্তৰ ঘৰত উপস্থিত হৈ কলিং বেল বজাইছিল ৷ কলিং বেল বজাৰ পিছত ৰূমী দত্তই দুৱাৰ খুলি দিছিল ৷

ৰূমীয়ে সুব্ৰত কিয় আহিছে প্ৰশ্ন কৰিছিল ৷ সুব্ৰতই স্বামী ৰাজু দত্তক বিচাৰিছিল ৷ লগতে দেওৰেকক বিচাৰিছিল ৷ সেই সময়ত এজনো ঘৰত নথকাত ৰূমীয়ে যুৱকজনক ঘৰৰ পৰা ওলাই যাবলৈ কোৱাত যুৱকজনে তৰ্ক বিতৰ্কত লিপ্ত হৈছিল ৷ তেতিয়া ৰূমীয়ে সুব্ৰতক গাত ঠেলা মাৰি ঘৰৰ পৰা ওলিয়াই দিবলৈ চেষ্টা কৰাত দুয়োৰে মাজত হতাহতি হয় ৷ ৰূমী মজিয়াত পৰি যোৱাত সুব্ৰতই গাৰ ওপৰত বহি ডিঙিত চুৰিৰে ৰেপি হত্যা কৰে ৷

ৰূমীক হত্যা কৰি সুব্ৰত মজুমদাৰে ৰূমীৰ মোবাইলটোৰ লগতে ঘৰৰ আন দুটা মোবাইল লগত লৈ উধাও হয় ৷ হত্যাকাণ্ডটো সংঘটিত কৰি সুব্ৰতই মটৰ চাইকেলখন লৈ প্ৰথমে ফৌজদাৰীপট্টিত থকা ভাড়াঘৰলৈ যায় ৷ কোঠাত চুৰি কৰি লৈ যোৱা মোবাইল তিনিটাৰ চুইচ অফ কৰি ড্ৰয়াৰত থৈ হাত ভৰি পৰিস্কাৰ কৰি পুনৰ মটৰ চাইকেল লৈ নগাঁও চহৰৰ বিভিন্ন স্থানত ঘূৰি ফুৰি পুনৰ হত্যাৰ স্থলীলৈ আহে ৷

হত্যাকাণ্ডৰ ঘটনাই ইতিমধ্যে নগাঁৱত ব্যাপক চাঞ্চল্য সৃষ্টি কৰাত ঘটনাস্থলীত আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা চুৰিখনৰ বাহিৰে আন ক্লু নোপোৱাত বিপাঙত পৰে ৷ হত্যাৰ বলি হোৱা ৰূমী দত্তৰ স্বামী ৰাজু দত্তৰ ব্যৱসায় প্ৰতিস্থান ৰাজ মেডিকেলৰ কৰ্মচাৰী এজনক ধন চুৰি কৰাৰ অভিযোগত কামৰ পৰা অব্যাহতি দিয়া বিষয়টো পৰ্যবেক্ষণ কৰে ৷ ধন চুৰিৰে জৰিত সুব্ৰত মজুমদাৰৰ গতি বিধি নিৰিক্ষণ কৰি আৰক্ষীয়ে হৰিজন কলনিৰ ঘটনাস্থলীৰ পৰা সুব্ৰতক আটক কৰি থানালৈ নিয়ে ৷

আৰক্ষীয়ে সুব্ৰতৰ মোবাইল ফোনৰ লোকেশ্যন পৰীক্ষা কৰি আৰক্ষীৰ সন্দেহ ঘনীভূত হোৱাত সুব্ৰতৰ ভাড়াঘৰৰ ওচৰত ৰূমী দত্তই ব্যৱহাৰ কৰা মবাইলৰ লগতে আন দুটা মবাইলৰ শেষ অৱস্থিতি ধৰা পেলায় ৷ আৰক্ষী বিষয়া ত্ৰিদীপ কুম্বাং আৰু মনোজ কুমাৰ ৰাজবংশীয়ে অতি সতৰ্কতাৰে সুব্ৰতক লৈ ভাড়াঘৰত অভিযান চলাই টেবুলৰ ড্ৰয়াৰত লুকুৱাই থোৱা তেজলগা মোবাইল তিনিটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জেৰাত মাজ নিশা সুব্ৰত মজুমদাৰে ৰূমী দত্তক ডিঙি ৰেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ সুব্ৰতই ৰাজ মেডিকেলৰ পৰা ৰাজু দত্তই ধন চোৰ কৰাৰ বাবে কামৰ পৰা অব্যাহত দিয়াৰ কথা স্বীকাৰ কৰে আৰু কামৰ পৰা অব্যহতি দিয়াৰ কাৰণে ৰাজু দত্ত আৰু ভায়েকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি স্বীকাৰ কৰে ৷

পৰিকল্পনা মৰ্মে দেওবাৰে সন্ধ্যা হৰিজন কলনিত থকা ব্যৱসায়ীজনৰ ঘৰলৈ সুব্ৰত গৈছিল যদিও সেই সময়ত এজনো ঘৰত নাছিল ৷ হত্যাৰ উদ্দেশ্যে ব্যৱসায়ী ৰাজু দত্তৰ ঘৰতে বহি অপেক্ষা কৰিব বিচাৰিছিল সুব্ৰতই ৷ কিন্তু ৰাজু দত্তৰ পত্নী ৰূমী দত্তই সুব্ৰতক চোৰ কৰাৰ কাৰণে কামৰ পৰা অব্যহতি দিয়াৰ কথাটো পূৰ্বে অবগত হৈ থকাত সুব্ৰতক ঘৰৰ পৰা ওলাই যাবলৈ দিছিল ।

সুব্ৰত ঘৰৰ পৰা যাব নিবিছৰাত ঠেলা মাৰি দিয়াত সুব্ৰতে ৰূমী দত্তকে হত্যা কৰি আঁতৰি গৈছিল ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুব্ৰত মজুমদাৰৰ ঘৰৰ লংকাত ৷ বিগত চাৰে তিনিবছৰ ৰাজ মেডিকেলত কৰ্মচাৰী হিচাপে আছিল অভিয়ুক্ত হত্যাকাৰী সুব্ৰত মজুমদাৰ ৷

nagaon murder assam Assam police