প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজনে...

অৰ্জুন বৰা নামৰ লোকজনে নিভাস সুত্ৰধৰক ডাঙৰ শিলেৰে আঘাট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলেৰে মূৰত আক্ৰমণ কৰা ফলত থিতাতে প্ৰাণ হেৰুৱাই নিভাস সুত্ৰধৰ নামৰ লোকজনে

author-image
Asomiya Pratidin
New Update
ংনংনন

ডিজিটেল সংবাদ,নগাঁওঃ  পুৱাই নগাঁও জিলাৰ হয়বৰগাঁও লাচিত নগৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। প্ৰাতঃভ্ৰমণলৈ গৈ হত্যাৰ বলি হ'ল এজন লোক। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, আজি পুৱা নিভাস সুত্ৰধৰ নামৰ এজন লোকক প্ৰাতঃভ্ৰমণলৈ যোৱা পথতে শিলেৰে মাৰি হত্যা কৰে এজন লোকে।

Advertisment

অৰ্জুন বৰা নামৰ লোকজনে নিভাস সুত্ৰধৰক ডাঙৰ শিলেৰে আঘাট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলেৰে মূৰত আক্ৰমণ কৰা ফলত থিতাতে প্ৰাণ হেৰুৱাই নিভাস সুত্ৰধৰ নামৰ লোকজনে। শিহৰণকাৰী ঘটনাটোৰ ফলত লগে লগে অঞ্চলটোত হুৱা-দুৱা লাগে।

ঘটনাস্থলিত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰা লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

নগাঁও