Advertisment

দুই ফৈদৰ মাজত প্রচণ্ড সংঘাতঃ প্রাণ গ’ল এজনৰ

এই ঘটনাত গুৰুতৰভাবে আহত মৰ্জিনা খাতুন আৰু কাচেম আলিক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। উল্লেখ্য যে মৃত ৰছিদুল আলী আৰু আঘাতপ্ৰাপ্ত মাৰ্জিনা খাটুন আৰু কাচেম আলি একে পৰিয়ালৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
f

ডিজিটেল সংবাদ,নগাঁওঃ  নগাঁৱৰ বালিজুৰি চামচকীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। জানিব পৰা মতে, দুই ফৈদৰ মাজত হোৱা প্রচণ্ড সংঘাতৰ ফলতে প্রাণ হেৰুৱালে এজন লোকে।

Advertisment

ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, হাছেন আলি নামৰ এজন লোকে ৰচিদুল আলীৰ ঘৰৰ সন্মুখত নিচাযুক্ত দ্ৰব্য খাই অনাহক পৰিস্থিতি সৃষ্টি কৰাৰ বাবেই প্ৰথমে কাজিয়াৰ সূত্ৰপাত হয়।

পাছত হাছেন আলী, ৰকিবুল হুছেইন আৰু হুছেইন আলীৰ লগতে একাংশ লোকে চোকা অস্ত্ৰৰে ৰছিদুল আলী,মাৰ্জিনা খাটুন আৰু কাচেম আলিৰ ওপৰত দলবদ্ধ আক্ৰমণ কৰে। চোকা অস্ত্ৰৰে উপৰ্যুপৰি দলব‌দ্ধ আক্ৰমণ কৰা ফলতে ঘটনাস্থলীতে ৰছিদুল আলী নিহত হোৱা বুলি অভিযোগ কৰে প্ৰত্যক্ষদৰ্শীয়ে।

আনহাতে, এই ঘটনাত গুৰুতৰভাবে আহত মৰ্জিনা খাতুন আৰু কাচেম আলিক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। উল্লেখ্য যে মৃত ৰছিদুল আলী আৰু আঘাতপ্ৰাপ্ত মাৰ্জিনা খাটুন আৰু কাচেম আলি একে পৰিয়ালৰ।

ইফালে উক্ত ঘটনা সংঘটিত হোৱা পাছত আৰক্ষীক খবৰ দিয়ে। নিশাই ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হয়। আৰক্ষীৰ দলটোৱে স্নিফাৰ ডগৰ জৰিয়তে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

নগাঁও