আৰক্ষীৰ পহৰাৰ মাজতে মন্দিৰত চোৰ

আৰক্ষীৰ পহৰাৰ মাজতে মন্দিৰত চোৰ
আৰক্ষীৰ পহৰাৰ মাজতে মন্দিৰত চোৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত চুৰি ৷ এই চুৰি সাধাৰণ চুৰিৰ ঘটনা নহয় ৷ এই চুৰিৰ ঘটনাই তোলপাৰ লগাইছে নগাঁও আৰক্ষীক ৷ আনকি সমগ্ৰ চুৰিৰ ঘটনা নগাঁও আৰক্ষীয়ে গাপ দিবলৈ চেষ্টা কৰিছে ৷ সিমানেই নহয় এই চুৰিৰ ঘটনা শীৰ্ষ আৰক্ষী বিষয়াই যাতে অৱগত নহয় তাৰ বাবে তলতীয়া বিষয়াই সমগ্ৰ ঘটনা গোপন কৰিবলৈ চেষ্টা কৰিছে বুলি চৰ্চা লাভ কৰিছে ৷

চুৰিৰ ঘটনা সংঘটিত হৈছে এটি মন্দিৰত ৷ চোৰে নিশা আৰক্ষীৰ চকুত ধূলি দি লুটি নিলে মন্দিৰৰ মূল্যবান সামগ্ৰী ৷ শেহতীয়াকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত মন্দিৰ , নামঘৰত আদি চুৰিৰ ঘটনা সঘনে সংঘটিত হৈ আহিছে ৷ মন্দিৰ , নামঘৰত আদিত চোৰে লুটপাত চলাই আহিছে যদিও পুনৰ এটা মন্দিৰ চোৰ হোৱা ঘটনা আৰক্ষীয়ে গোপন কৰাৰ আৰত কি ৰহস্য লুকাই আছে ৷

আৰক্ষীয়ে চুৰিৰ ঘটনা গাপ দিয়া মন্দিৰটো হৈছে চৌদিশে আৰক্ষীয়ে দিনে নিশাই পহৰা দি থকা এটা মন্দিৰ ৷ মন্দিৰটোৰ চাৰি দিশত আছে চন্তৰি পোষ্ট ৷ তলে ওপৰে আৰক্ষীৰ পহৰা ৷ সিমানে নহয় মন্দিৰটোৰ গাতে লাগি আছে এটি বেটেলিয়নৰ কৰ্তব্যৰত দল ৷ মন্দিৰৰ সন্মূখৰ পথেৰে অহৰহ আৰক্ষী লোকৰ যাতায়ত ৷

এনে নিৰাপত্তাৰ আবেষ্টনিৰ মাজত থকা এটি মন্দিৰত চোৰে লুট পাত চলোৱাৰ পিছত আৰক্ষীয়ে নিজৰ ব্যৰ্থতা লুকুৱাবলৈ চেষ্টা কৰিছে ৷ নগাঁও জিলা কাৰাগাৰৰ চৌহদতে আছে চোৰে লুট পাত চলোৱা মন্দিৰটো ৷ মন্দিৰটোৰ কাষতে আছে নগাঁও বিশেষ কাৰাগাৰ ৷

নিলগতে আছে নগাঁও পুলিচ ৰিৰ্জাভৰ বিষয়াৰ কাৰ্যালয় , এম টি অ’ ৰ কাৰ্যালয় ৷ এক প্ৰকাৰে দিনে নিশাই উক্ত এলেকাত আৰক্ষীৰ দপদপনি ৷ আৰক্ষীৰ চোকা পহৰা , দপদপনিৰ মাজত চোৰে মন্দিৰত লুটপাত চলোৱা ঘটনা কিন্তু নগাঁও সদৰৰ আৰক্ষীয়ে নথিভুক্ত কৰা নাই বুলি অভিযোগ উঠিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in