নগাঁৱৰ মাজপাঠৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী

১৯৫১ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে গৌৰৱোজ্জ্বল মহাৰজত বৰ্ষত ভৰি দিয়ে। এই শুভক্ষণত বিদ্যালয়খনত দিনযোৰা কাৰ্যসূচীৰে  উদযাপন কৰে মহাৰজত জয়ন্তী। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান মাজপাঠৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষৰ আৰম্ভণি । ১৯৫১ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয় খনে গৌৰৱোজ্জ্বল মহাৰজত বৰ্ষত ভৰি দিয়ে। এই শুভক্ষণত বিদ্যালয়খনত দিনযোৰা কাৰ্যসূচীৰে  উদযাপন কৰে মহাৰজত জয়ন্তী। 

উল্লেখ্য যে, পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে অঞ্চলটোৰ বহু গন্য-মান্য লোক । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ দ্বাৰা বিদ্যালয়খনৰ ছাত্ৰী সকলৰ  মাজত চাইকেল বিতৰণ কৰাও পৰিলক্ষিত হয়। 

নগাওঁ