/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/nagaom-kjkdjd.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাত জ্বলাই দিয়া হ'ল প্ৰায় পোন্ধৰ কোটি টকাৰ ড্ৰাগছ ৷ আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে নগাঁও আৰক্ষীয়ে এই বৃহৎ সংখ্যক ড্ৰাগছ ৰাজহুৱা ভাৱে জ্বলাই দিয়ে ৷
জিলাখনৰ বঢ়মপুৰৰ ষ্টেডিয়াম চৌহদত দেওঁবাৰে পুৱা ভাগত ড্ৰাগছ খিনি জ্বলাই দিয়া হয় ৷ নগাঁও আৰক্ষী অধীক্ষক লীনা দলে , যুটীয়া স্বাস্থ্য সঞ্চালক ডা° অৰূপ জ্যোতি মহন্ত , অতিৰিক্ত উপায়ুক্ত দেবজানি চৌধুৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰা আদিৰ উপস্থিতিত প্ৰায় পোন্ধৰ কোটিৰ ড্ৰাগছ জ্বলাই দিয়া বাবে এক কাৰ্যসূচী সম্পন্ন হয় ৷
জ্বলাই দিয়া ড্ৰাগছ সমূহৰ ভিতৰত আছে হেৰ'ইন ১.৬৫২ কিলোগ্ৰাম, ব্ৰাউন চুগাৰ ৬৯.৩৩ গ্ৰাম , গাঞ্জা ৩৫.৭৪১ কিলোগ্ৰাম , কফচিৰাপ ৭৯৪৮ টা, টেবলেট ১৬৩৮৮০ টা , মৰফিন ২০২ গ্ৰাম ৷ এই ড্ৰাগছসমূহ বিগত সময়ত নগাঁও আৰক্ষীয়ে বিভিন্ন স্থানত অভিযানত চলাই জব্দ কৰিছিল ৷
আৰু পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জলপথ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠক…