/asomiyapratidin/media/media_files/2025/01/28/XiIS57TZylyjaH3Q8IVH.jpg)
নগাঁও জিলা শব্দযন্ত্ৰী সন্থাৰ অধিবেশনৰ সামৰণি
ডিজিটেল সংবাদ, নগাঁও : সদৌ নগাঁও জিলা শব্দযন্ত্ৰী সন্থাৰ তৃতীয় বাৰ্ষিক অধিবেশনৰ মঙলবাৰে সন্ধিয়া সামৰণি পৰে। নগাঁও সাংস্কৃতিক প্ৰকল্পত ২৬ জানুৱাৰী পৰা তিনিদিনীয়াকৈ এই অধিবেশন অনুষ্ঠিত কৰা হৈছে।
আজি অন্তিম দিনা পুৱা পৰিবেশ নিকাকৰণৰ পিছত কণ্ঠশিল্পী ,বাদ্যযন্ত্ৰী , শব্দযন্ত্ৰী আৰু অধিবেশন উদযাপন সমিতিৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। বিয়লি সন্থাৰ সভাপতি প্লাৱন জ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত চাউণ্ড চিষ্টেম প্ৰভাইডাৰ্ছ এছচিয়েশ্বন অৱ আছামৰ সভাপতি কিশোৰ কুমাৰ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে।
সন্থাৰ সম্পাদক নৃপেন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত এছচিয়েশ্বনৰ ফুকন আলি, বিপুল দাস ,উপেন দত্ত ,অমিয় শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্ধোধন কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই।
উল্লেখ্য যে ইয়াৰ আগেয়ে সোমবাৰে সন্ধিয়া সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত শব্দযন্ত্ৰীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।