/asomiyapratidin/media/media_files/2025/02/11/oGDNA2x1N1AKrxAZ6hMq.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ গুৱাহাটীৰ সৰুসজাইৰ ড০ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত খেল মহাৰণ-২.০ ৰ মাণ্ডলিক পৰ্যায় (মণ্ডল-৪)ৰ সাঁতোৰ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰে নগাঁও জিলা দলে ।
ৰাজ্যিক ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ মেট্ৰ’ জিলা প্ৰশাসন তথা জিলা ক্ৰীড়া বিভাগৰ ব্যৱস্থাপনাত অনুষ্ঠিত হৈছিল খেল মহাৰণ-২.০ ৰ মাণ্ডলিক পৰ্যায় (মণ্ডল-৪)ৰ প্ৰতিযোগিতা । খেল মহাৰণ-২.০ ৰ মাণ্ডলিক পৰ্যায় (মণ্ডল-৪)ৰ সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নগাঁও জিলা সাঁতোৰ দলটোৰ খেলুৱৈয়ে ৬ টাকৈ পদক প্ৰাপ্তিৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ।
উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ স্বত্বেও নগাঁও জিলা প্ৰশাসন, জিলা ক্ৰীড়া বিষয়া আৰু একাংশ সাঁতোৰপ্ৰেমীৰ বিশেষ তৎপৰতাত মাণ্ডলিক পৰ্যায়ৰ প্ৰতিযোগিতাত নিকিতা তাঁতীয়ে ছোৱালীৰ অনূৰ্ধ্ব-১৭ বছৰ বয়সৰ শাখাৰ ৫০ ফ্ৰী-ষ্টাইল, ১০০ মিটাৰ ফ্ৰী-ষ্টাইল, ৫০ মিটাৰ বেকষ্ট্ৰক আৰু ১০০ মিটাৰ বেকষ্ট্ৰকতো তৃতীয়স্থানৰে ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰ বিপৰীতে ছোৱালীৰ অনূৰ্ধ্ব-১৪ বছৰ বয়সৰ শাখাত মাফিয়া খাটুনে ১০০ মিটাৰ ফ্ৰী-ষ্টাইল আৰু ১০০ মিটাৰ বেকষ্ট্ৰকত তৃতীয়স্থান দখলৰে ব্ৰঞ্জপদক লাভ কৰিছে৷
নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি-আংলং আৰু কামৰূপ মেট্ৰ’ জিলাৰ খেলুৱৈৰ মাজত গুৱাহাটীৰ ড° জাকিৰ হুছেইন একুৱাটিক প্ৰকল্পত আয়োজিত এই প্ৰতিযোগিতা আজি পুৱা আনুষ্ঠানিকভাৱে বিশিষ্ট ক্ৰীড়া সংগঠক ভাস্কৰ ৰঞ্জন দাসে উদ্বোধন কৰে৷
কামৰূপ মেট্ৰ’ৰ জিলা আয়ুক্ত সুমিত চাটৱান মুখ্য অতিথিৰূপে উপস্থিত থকা সামৰণি অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত কেচিঅ’ কৰণ পেগু, কামৰুপ মেট্ৰ’ জিলাৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া পুষ্পেন্দু দাস, ক্ৰীড়া সংগঠক নৱজ্যোতি গগৈ, মুকুটেশ্বৰ গোস্বামী আৰু প্ৰবীন সাঁতোৰবিদ ডেভিদ চেতীয়াকে ধৰি কেইবাগৰাকীও লোক সন্মানীয় অতিথিৰূপে উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে৷
সাঁতোৰৰ প্ৰায়বোৰ ইভেণ্টতে প্ৰত্যাশিতভাৱে কামৰূপ মেট্ৰ’ৰ খেলুৱৈসকলে প্ৰথম দুটাস্থান লাভ কৰে যদিও নগাঁৱৰ লগতে মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ খেলু্ৱৈয়ে আন কেইবাটাও পদক প্ৰাপ্তিৰে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে ৷
নগাঁও জিলা ক্ৰীড়া বিষয়া প্ৰতিম বৰুৱাই জানিবলৈ দিয়ামতে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা নগাঁও সাঁতোৰ দলটোৰ সৈতে প্ৰভাত চন্দ্ৰ বৰা আৰু সমীৰ হাজৰিকা পৰিচালকৰূপে থকাৰ বিপৰীতে আটাউৰ ৰহমান, চাহিল আহমেদ, হীৰামণি বৰদলৈ আৰু আকাশ বসুমতাৰী প্ৰশিক্ষকৰূপে তথা দীপেন গগৈ, হিৰণ্য গোঁহাই, জুনমনি নায়ক সহযোগীৰূপে আছিল৷
উল্লেখ্য যে, যোৱা ৪ ফেব্ৰুৱাৰীত তেজপুৰত অনুষ্ঠিত এক বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে নগাঁও জিলা সাঁতোৰ দলটো নিৰ্বাচিত কৰা হৈছিল৷