/asomiyapratidin/media/media_files/2025/02/21/SGA8ynroGHdUCNrLOgH4.jpg)
নগাঁও জিলা সাহিত্য সভাৰ বিশ্ব মাতৃভাষা দিৱস উদযাপন
ডিজিটেল সংবাদ,নগাঁও : সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ সহযোগত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে বিশ্ব মাতৃভাষা দিৱস উদযাপন কৰা হয়। নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলে " চিৰ চেনেহী মোৰ ভাষা জননী" গীত পৰিৱেশনেৰে সভাৰ শুভাৰম্ভ কৰে।
নৱৰূপ জাতীয় বিদ্যাপীঠৰ শৈক্ষিক সমন্বয়ক গনেশ বৰাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডঃ শৰৎ বৰকটকীয়ে। নগাঁও জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিশ্ব মাতৃভাষা দিৱসৰ তাৎপৰ্য অৱগত কৰে।
নৱৰূপ জাতীয় বিদ্যাপীঠৰ সচিব মুনীন্দ্ৰ শইকীয়াই সভাত উপস্থিত বিশিষ্ট অতিথি, মুখ্য অতিথি তথা সমবেতসকলক আদৰণি জনায়। সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে মাতৃভাষা দিৱস সম্পৰ্কে বহলাই ব্যাখ্যা কৰাৰ লগতে ভাষাটোৰ অধিক চৰ্চা আৰু কঠিত ৰূপহে ভাষাটোক আৰু অধিক সমৃদ্ধিশালী কৰিব বুলি মন্তব্য আগবঢ়ায়।
ইফালে, সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা নগাঁৱৰ সু-সন্তান তথা লণ্ডনৰ বিষ্টল বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ জগন্নাথ বিশ্বকৰ্মাই কয়- ভাষা কেৱল এটা যোগাযোগৰ মাধ্যম নহয়, ই এক সাংস্কৃতিক বান্ধোন। ভাষা এক ইতিহাস, আবেগ আৰু পৰিচয়ৰ গভীৰ প্ৰতীক। ইয়াৰ জৰিয়তে আমি নিজৰ ঐতিহ্যক চিনি পাওঁ, আনৰ লগত সংযোগ স্থাপন কৰোঁ, আৰু জ্ঞানৰ দিগন্ত উন্মোচন কৰোঁ।
ভাষাৰ এই বহুৰূপী শক্তিৰ বাবেই আমি আন্তর্জাতিক পৰিসৰতো নিজৰ স্থান সুদৃঢ় কৰিব পাৰোঁ। বিশিষ্ট বিজ্ঞানী ড০ বিশ্বকৰ্মাই আৰু কয়- অসমীয়া ভাষা কেৱল এটা ভাষা নহয়-ই এক জীৱন্ত সত্তা, যি আমাৰ চিন্তা, প্রকাশ আৰু বিশ্বদৃষ্টিভংগীক প্রতিফলিত কৰে। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস ২১ ফেব্ৰুৱাৰীত আমি আমাৰ এই মাতৃভাষাৰ সৌন্দৰ্য্য আৰু গভীৰতাক উদযাপন কৰোঁ।
ইয়াৰ পাছতে ড০ বিশ্বকৰ্মাই নৱৰূপ কনিষ্ঠ মহাবিদ্যালয় একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সৈতে শিক্ষাগ্ৰহণ, শিক্ষাৰ মাধ্যম, গৱেষণা,উদ্ভাৱন, শৈক্ষিক যাত্ৰা,সফল বিজ্ঞানী সম্পৰ্কত বিভিন্ন প্ৰশ্নৰে মত-বিনিময় কৰে। ইয়াৰ পাছতে নগাঁও জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই নতুনকৈ গঠন কৰা নৱৰূপ জাতীয় বিদ্যাপীঠ শাখা সাহিত্য সভা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই ঘোষণাৰ অন্তত জাতীয় সংগীতেৰে সভাৰ অন্তত পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us