/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/085ceaa7-36ee-4095-9313-917ab1570dd7/mass.jpg)
nogaon
ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ (মাছ) একাদশ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন নগাঁও মুক্তি যুঁজাৰু ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত হয়। পুৱা 'মাছ'ৰ নগাঁও জিলা সমিতিৰ অধ্যক্ষ নীলৰঞ্জন শৰ্মাই পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে।
ছহিদ তৰ্পন অনুষ্ঠান মুকলি কৰে ছহিদ চেনীৰাম নাথৰ পৰিয়ালৰ সদস্যই । দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ভবমনি শইকীয়াই অংশগ্ৰহণ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ ব্যাখ্যা আগবঢ়াই।
সভাত 'মাছ'ৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষী ডেকাই 'মাছ'ৰ জন্মলগ্নৰ ইতিহাস আৰু সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি কয় যে, মানৱ অধিকাৰৰ সংগ্ৰামখন অধিক শক্তিশালী কৰি তুলিব লাগিব। তেওঁ লগতে কয় যে, জাতীয় সংগ্ৰামৰ ধাৰাক অধিক গতিশীল কৰি তুলিব লাগিব। ইয়াৰ বাবে 'মাছ'ৰ সংগঠন অধিক শক্তিশালী কৰি তুলিবলৈ ডেকাই সদস্য সকলক আহবান জনায়।
জিলা অধ্যক্ষ নীলৰঞ্জন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে জিলা সচিব বোধেন বৰাই। সভাত 'মাছ'ৰ উপ-সভাপতি লক্ষী ভূঞা, মুখ্য সংগঠনিক সচিব প্ৰশান্ত মোদক, সাংগঠনিক সচিব ৰিতুল বৰুৱা, সাংবাদিক কনক হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰে। বিয়লি অনুষ্ঠিত প্ৰতিনিধি সভাত নগাঁও জিলাত 'মাছ'ৰ সংগঠন শক্তিশালী কৰাকে ধৰি কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। সভাতেই বোধেন বৰাক অধ্যক্ষ আৰু ইণ্টু শৰ্মাক সচিব হিচাপে লৈ মাছৰ নগাঁও জিলা সমিতিৰ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।