/asomiyapratidin/media/media_files/2025/04/30/OSBi6cTeiFiI2qAX31j0.jpg)
ডিজিটেল সংবাদ, নগাঁও : অসম ৰাজ্যিক স্কুল শিক্ষা ব'ৰ্ড (অসম)য়ে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফলেই বুধবাৰে পুৱা ঘোষণা কৰে। আজি ঘোষিত ২০২৫বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি নগাঁও জিলাত কলা শাখাত উতীৰ্ণৰ হাৰ ৮৮.২৭শতাংশ। একেদৰে বিজ্ঞান শাখাত ৮৭.৬৭শতাংশ, বাণিজ্য শাখাত ৯২.৯৭শতাংশ আৰু ভকেশ্বনেল শাখাত ৮৯.৩৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।
উল্লেখ্য যে, এইবাৰ কলা শাখাত জিলাখনৰ মুঠ ১২,৪০১গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে মুঠ উত্তীৰ্ণ হয় ১০,৯৪৬ গৰাকী পৰীক্ষাৰ্থী। এওঁলোকৰ ভিতৰত ৩২৩৬গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। একেদৰে ৫০৫৭গৰাকীয়ে দ্বিতীয় বিভাগত, ২৬৫৩গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। অৱশ্যে কলা শাখাত জিলাখনত ১৪৫৫ গৰাকী পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে।
ইপিনে, বিজ্ঞান শাখাত জিলাখনৰ মুঠ ৩৫৮৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় যদিও উত্তীৰ্ণ হয় ৩১৪২ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ২০০৭ গৰাকীয়ে প্ৰথম বিভাগত, ৯৮৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১৪৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা ৪৪২ গৰাকী।
আনহাতে, এইবাৰ জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা বাণিজ্য শাখাত মুঠ ৯৩৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে উত্তীৰ্ণ হয় ৮৭৩ গৰাকী পৰীক্ষাৰ্থী। উত্তীৰ্ণসকলৰ ভিতৰৰ ৪৪৪গৰাকীয়ে প্ৰথম বিভাগত, ৩৪৯গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৮০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। জিলাখনত বাণিজ্য শাখাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬৬ গৰাকী।
তাৰোপৰি বৃত্তিমুখী শাখাত এইবাৰ জিলাখনৰ মুঠ ৪৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তেওঁলোকৰ মাজৰ ৪২ গৰাকী উত্তীৰ্ণ হৈছে। ইয়াৰে দুগৰাকীয়ে প্ৰথম বিভাগত, ২৯ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিভাগটোত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা পাঁচ গৰাকী। বৃত্তিমুখী শাখাত অনুত্তীৰ্ণৰ হাৰ ৮৯.৩৬ শতাংশ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পুনৰবাৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ'ল নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন, কনচেপ্ট, গীতাঞ্জলি, ৰেনেছাঁ, নৱৰূপ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলে। নগাঁও চহৰৰ তথা মধ্য অসমৰ অগ্ৰণী কেউখন শিক্ষানুষ্ঠানৰ পৰা চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এশ শতাংশ উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে।
ফলাফল ঘোষণা হোৱাৰ পাছতেই শিক্ষানুষ্ঠান কেইখনত এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে শিক্ষক - শিক্ষাৰ্থী আৰু অভিভাৱকসকলে আনন্দ উল্লাস প্ৰকাশ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে বিগত সময়খিনিত নগাঁও চহৰৰ উক্ত শিক্ষানুষ্ঠান কেইখনৰ পৰা অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত বিশেষ স্থান দখল কৰি চমকপ্ৰদ সফলতা আজুৰি আনিছিল।
যাৰ বাবে এই ফলাফল ঘোষণা কৰাৰ দিনটোত ৰাজ্যবাসীয়ে নগাঁৱৰ উক্ত শিক্ষানুষ্ঠান কেইখনত দৃষ্টি নিৱদ্ধ হৈ পৰে। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কোনো স্থান প্ৰদান নকৰাত একে মাদকতাহীন পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।