ভোগালী বিহুৰ বতৰত নগঞা ৰাইজলৈ সুলভ মূল্যত মাছঃ ৰৌ, বৰালি, চিতল সকলো উপলব্ধ...

ভোগালী বিহুৰ বতৰত নগঞা ৰাইজলৈ সুলভ মূল্যত মাছঃ ৰৌ, বৰালি, চিতল সকলো উপলব্ধ...

author-image
Asomiya Pratidin
New Update
ভোগালী বিহুৰ বতৰত নগঞা ৰাইজলৈ সুলভ মূল্যত মাছঃ ৰৌ, বৰালি, চিতল সকলো উপলব্ধ...

ভোগালী বিহুৰ বতৰত নগঞা ৰাইজলৈ সুলভ মূল্যত মাছঃ ৰৌ, বৰালি, চিতল সকলো উপলব্ধ...

ডিজিটেল সংবাদ বেবেজীয়াঃ ভোগৰ উৎসৱ ভোগালী বিহুৰ বতৰত নগাঁও জিলা মীন বিভাগে সৰ্বসাধাৰণৰ ৰাইজৰ বাবে সুলভ মূল্যত মাছৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে। নগাঁও জিলা মীন উন্নয়ন বিষয়া সুসীল কুমাৰ নাথে সংবাদ মাধ্যমক জানিব দিয়া মতে শনিবাৰে পুৱা ৬/৭ মান বজাৰ পৰা জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত সুলভ মূল্যত মাছ ক্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

Advertisment

সেই নিমিত্তে মাছৰ মূল্য নিৰ্ধাৰণ কৰিছে। মাঘ বিহুৰ উৰুকা ওপলক্ষে বিক্ৰী হ'বলগীয়া মাছৰ মূল্য নিৰিখ সমূহ এনে ধৰণৰ- ৰৌ, ঢেকেৰা বা বাহু, মিৰিকা মালী ১ কেজিৰ তলত ১৬০ টকা, ১ কেজিৰ ওপৰৰ আৰু২ কেজিৰ তলত ২৫০ টকা, ২ কেজিৰ অধিক আৰু ২.৫ কেজিৰ তলত ৩০০ টকা, ২.৫ কেজিৰ অধিক আৰু ৩ কেজিৰ তলত ৩৫০ টকা, ৩ কেজিৰ আধিক হ'লে ৪০০ টকা।

আনহাতে গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমন কাৰ্প ইত্যাদি ১ কেজিৰ তলত ১৩০ টকা, ১ কেজিৰ পৰা ২ কেজিৰ ভিতৰত ১৫০ টকা, ২ কেজিৰ ওপৰত আৰু ২.৫ কেজিৰ তলত ২২০ টকা, ২.৫ কেজিৰ ওপৰত ৩ কেজিৰ তলত ২৫০ টকা, ৩ কেজিৰ ওপৰত ৩০০ টকা।

আৰি, বৰালি, চিতলৰ প্ৰতি কিলোগ্ৰামত ১ কেজিৰ তলত ২২০ টকা, ১ কেজিৰ পৰা ১.৫ কেজিৰ ভিচৰচ ২৭০ টকা, ১.৫ কেজিৰ পৰা ২.৫ কেজিৰ ভিতৰত ৪২০ টকা, ২.৫ কেজিৰ পৰা ৩ কেজিৰ ভিতৰত ৫২০ টকা, ৩ কেজিৰ ওপৰত ৪ কেজিৰ ভিতৰত ৬২০ টকা, ৪ কেজিৰ ওপৰত ৫ কেজিৰ তলত ৭২০ টকা আৰু ৫ কেজিৰ ওপৰত ৭৫০ টকা।

ইয়াৰোপৰি শ'ল, শাল ইত্যাদি ১ কেজিৰ তলত ৩০০ টকা আৰু ১ কেজিৰ ওপৰত ৪০০ টকাত ক্ৰয় কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

ক্লিক কৰি পঢ়কঃ AJYCP ৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু উপ-সভাপতি দেৱজিৎ দাসক সম্বৰ্ধনা...

সুলভ মূল্যত মাছ