/asomiyapratidin/media/media_files/2025/12/09/gfgfg-2025-12-09-22-17-11.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ লক্ষ্য স্থিৰ, দৃঢ় হলে, শাৰীৰিক অক্ষমতা কোনো কাৰণতে প্রতিবন্ধ ৰূপে থিয় দিব নোৱাৰে। শাৰীৰিক প্রতিবন্ধতা হেলাৰঙে নেওচি আজিৰ ভাৰতৰ নাৰী শক্তিয়ে বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিছে।
ইয়াৰেই এক অনন্য উজ্বল নিদৰ্শন হৈছে মহিলা দৃষ্টিহীন টি-২০ বিশ্বকাপ ২০২৫ বিজয়ী ভাৰতীয় দলৰ গৌৰৱময় সদস্যা, অসম কন্যা সিমু দাস। মঙলবাৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কঠীয়াতলি কছাৰীবস্তিস্থিত সিমু দাসৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আৰু আন্তৰিক সাক্ষাতত মিলিত হয়।
দেৱাশীষ শৰ্মাই উল্লেখ কৰে যে, ভিন্ন প্ৰত্যাহ্বান আৰু শাৰীৰিক বাধাকো নেওচি ক্ৰীড়াৰ জগতত নিজৰ অদম্য মানসিক শক্তিৰে সিমুৱে যি নিদৰ্শন দাঙি ধৰিছে, সেয়া আমাৰ সকলোৰে বাবে এক অফুৰন্ত অনুপ্ৰেৰণাৰ উৎস। দেশৰ লগতে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই খেলুৱৈ গৰাকীক জিলা আয়ুক্তগৰাকীয়ে আন্তৰিক শুভকামনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ সৈতে বিভিন্ন মত বিনিময় কৰে।
উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল ক্ৰীড়াবিদগৰাকীৰ বাসগৃহ আৰু মাটি সংক্ৰান্তীয় সমস্যাসমূহৰ বুজ লৈ জিলা আয়ুক্ত গৰাকীয়ে তৎমুহূৰ্ততে প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁক এটি ঘৰ প্ৰদানৰ সিদ্ধান্ত লোৱাৰ উপৰিও, তেওঁ বাস কৰা মাটিৰ গৰাকীৰ সৈতেও আয়ুক্ত মহোদয়ে পোনপটীয়াকৈ মত বিনিময় কৰি মাটি সংক্ৰান্তীয় বিষয়টো সমাধানৰ বাবে আগভাগ লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us