Advertisment

বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত নগাঁও জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ

নগাঁও জিলা বিজেপিৰ নৱ নিযুক্ত সভাপতি ৰঞ্জিত বৰদলৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। সমান্তৰালভাৱে নগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অভিজিৎ নাথকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা বিজেপিৰ নৱ নিযুক্ত সভাপতি ৰঞ্জিত বৰদলৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। সমান্তৰালভাৱে নগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অভিজিৎ নাথকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

Advertisment

নগাঁও চহৰৰ মৰিকলঙত থকা নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বৰদলৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰে। নৱ নিযুক্ত নগাঁও জিলা বিজেপিৰ সভাপতি ৰঞ্জিত বৰদলৈয়ে দায়িত্ব গ্ৰহণ কৰি কয় যে নগাঁৱত তৃণমূল পৰ্যায়ৰ পৰা দলক শক্তিশালী কৰিবৰ বাবে তেওঁ চেষ্টা চলাব।

এইক্ষেত্ৰত নগাঁও বিজেপিৰ সকলো কাৰ্যকৰ্তাৰ সহযোগিতা বৰদলৈয়ে কামনা কৰে। এই অনুষ্ঠানত নগাঁও জিলা বিজেপিৰ সদ্য বিদায়ী সভাপতি অভিজিত নাথ, নগাঁও - বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,নগাঁও জিলা বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী জুৰি শৰ্মা বৰদলৈৰ লগতে নগাঁও জিলাৰ বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত নৱ নিযুক্ত সভাপতি ৰঞ্জিত বৰদলৈক বিপুল আদৰণি জনোৱা হয়।

বিধায়ক ৰূপক শৰ্মা