/asomiyapratidin/media/media_files/2025/06/16/RDkOEhcU1oeKJ5YbfqoZ.jpg)
ডিজিটেল সংবাদ, নগাঁও: বিজেপিৰ নগাঁও জিলাৰ নৱগঠিত সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি দিনযোৰা কাৰ্যসূচীৰে মৰিকলংস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰঞ্জিত বৰদলৈৰ সভাপতিত্ব অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত বিজেপি ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায়, ৰাজ্যিক সাধাৰণ সম্পাদক তথা চামগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা, বিধায়ক ৰূপক শৰ্মা, জিলা প্ৰভাৰী দেৱজিৎ বৰা, প্ৰাক্তন জিলা সভাপতি প্ৰমোদ লস্কৰ, অভিজিত নাথ প্ৰমুখ্যে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
আৰম্ভণিতে দলীয় পতাকা উত্তোলন কৰে ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ বৰদলৈয়ে। ইয়াৰ পিছতে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলিৰে কাৰ্যসূচী আৰম্ভ হয়।
মূল সভাৰ আৰম্ভণিতে নগাঁও জিলাৰ প্ৰথমগৰাকী সভাপতিৰ ভিডিঅ' বক্তব্যৰে সকলো কাৰ্যকৰ্তাক উৎসাহিত কৰি এখনি চুটি তথ্য চিত্ৰ প্ৰদৰ্শিত কৰা হয়। সভাত প্ৰায় ২৮৫ জন কাৰ্যকৰ্তা উপস্থিত থাকেষ। সভাত সকলো কাৰ্যকৰ্তাকে শুভেচ্ছা বাৰ্তা সম্বলিত এখনি ডায়েৰীও প্ৰদান কৰা হয়।