সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা

সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিয়ে আজি নৱনিযুক্ত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৃতজ্ঞতা প্ৰকাশ কৰে জিলা আয়ুক্তগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিয়ে আজি নৱনিযুক্ত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা জনায়। আজুৰ নগাঁও জিলাৰ সভাপতি ৰাজীৱ কুমাৰ নেওগ, কাৰ্যকৰী সভাপতি ঘনকান্ত বৰা, সাধাৰণ সম্পাদক ছফিকুৰ ৰহমান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ফাইজুৰ ৰহমানৰ লগতে বটদ্ৰৱা, ধিং, ৰহা, কামপুৰ, কচুৱা, কঠিয়াতলী, চামগুৰি, নগাঁও, জাজৰি, বেবেজীয়া আদি বিভিন্ন অঞ্চলৰ কুৰিজনীয়া সাংবাদিকৰ দলে বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গামোছা, স্মাৰক, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰৰে আয়ুক্ত গৰাকীক আদৰণি জনায়। 

Advertisment

সম্বৰ্ধনা গ্ৰহণ কৰি আজুৰ সদস্যসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এক আলোচনাত মিলিত হয়। নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ, নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আদি ৰাজহুৱা স্বাৰ্থজনিত বিভিন্ন বিষয়ৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ তাৎক্ষণিক সমাধানৰ বাবে ব্যবস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

ইফালে আজুকে ধৰি নগাঁও জিলাৰ সাংবাদিক সকলে গঠনমূলক সংবাদ পৰিৱেশনৰ যোগেদি এখনি সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত যি সক্ৰিয় ভূমিকা পালন কৰি আহিছে তাৰ বাবে আয়ুক্ত শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰি ভবিষ্যতৰ দিনত সহায় সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে। উল্লেখ্য যে, আজুৰ নগাঁও জিলা সমিতিৰ উক্ত প্ৰতিনিধি দলটোত দিব্যজ্যোতি বৰুৱা, ৰাহুল দেৱ বৰদলৈ, দিব্যজ্যোতি বৰঠাকুৰ, তিলেশ্বৰে দাস, বেদব্ৰত ৰাজা, দুলাল শৰ্মা, গকুল ভাৰতী, নৃপেন হাজৰিকা, প্ৰমোদ শৰ্মা, ৰাজীৱ গায়ন, ছাইদুল ইছলাম, কমলেশ্বৰ কাশ্যপকে আদি কৰি কুৰি গৰাকী সংবাদিক উপস্থিত থাকে।

সদৌ অসম সাংবাদিক সন্থা আজু