জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত অৱসানৰ দিশে বটদ্ৰৱা থান পৰিচালনা সমিতি সম্বন্ধীয় বিতৰ্ক

নগাওঁ জিলাৰ নৱ নিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ বটদ্ৰৱা থানৰ পৰিচালনা সমিতি সম্বন্ধীয় বিতৰ্কৰ অৱসানৰ দিশে গতি কৰিছে।

author-image
Asomiya Pratidin
New Update
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত অৱসানৰ দিশে বটদ্ৰৱা থান পৰিচালনা সমিতি সম্বন্ধীয় বিতৰ্ক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ বটদ্ৰৱা থানৰ পৰিচালনা সমিতি সম্বন্ধীয় বিতৰ্কৰ অৱসানৰ দিশে গতি কৰিছে। নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত সকলো পক্ষৰ উপস্থিতি তথা সহযোগত আগন্তুক দিনত সাধাৰণ সভাৰ দ্বাৰা দীৰ্ঘদিনধৰি চলি থকা বিবাদমান বিষয়টোৰ অৱসান ঘটোৱাৰ পৰিকল্পনা কৰা হৈছে। 

Advertisment

যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আদৰণীয় আৰু আশাৰ বতৰা কঢ়িয়াই নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত এই বিতৰ্কিত বিষয়টোৰ অৱসানৰ দিশে গতি কৰিছে। আজি নগাঁও জিলা আয়ুক্তৰ সভাগৃহত অনুষ্ঠিত এখনি সভাত আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, বটদ্ৰৱা থান পৰিচালনা তদৰ্থ সমিতি, বটদ্ৰৱা নাগৰিক মঞ্চ আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে। 

সভাত আগন্তুক দিনত সাধাৰণ সভাৰ দ্বাৰা সকলো পক্ষৰে সহযোগ তথা উপস্থিতিত বিষয়টোৰ অৱসান ঘটাই এখন নতুন বটদ্ৰৱা থান পৰিচালনা সমিতিৰ গঠন কৰি গুৰুজনাৰ জন্মস্থানখনিক সকলো দিশৰে উজ্বলাই তুলিবলৈ পৰিকল্পনা কৰা হয়।

বটদ্ৰৱা বটদ্ৰৱা থান