/asomiyapratidin/media/media_files/2025/06/30/nagaon-30-2025-06-30-18-22-24.jpg)
ডিজিটেল সংবাদ, নগাঁও: ৰাজ্যৰ ৰাজনৈতিক, সামাজিক পৰিবেশ উত্তাল কৰি ৰখা গৰুখুঁটি প্ৰকল্পৰ গৰু চোৰৰ প্ৰসঙ্গক কেন্দ্ৰ কৰি আজি নগাওঁ জিলাতো প্ৰতিবাদ সাব্যস্ত হয়। নগাঁৱত আজি অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটি আৰু নগাঁও জিলা কিষাণ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী।
নগাঁৱৰ ছহিদ ভৱনৰ কাষত ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ সাহায্য যুক্ত গীৰ গাইৰ কেলেংকাৰী, এই কেলেংকাৰী সন্দৰ্ভত তদন্তৰ দাবীৰে আজি এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ বিৰোধী, জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে।