নগাঁও কলেজ (অ’টনমাচ) এন এছ এছৰ উদোগত প্লাষ্টিক বৰ্জন সজাগতা অভিযান...

৬৫ কেজি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্ৰহ কৰি পৌৰসভাক নিষ্কাষণৰ বাবে অৰ্পণ
Nagaon
Nagaon

ডিজিটেল সংবাদ, বেবেজীয়াঃ ভাৰত চৰকাৰৰ স্বচ্ছ অভিযানৰ অংশ হিচাপে নগাঁও কলেজ (অ’টনমাচ) ৰ এন এছ এছ গোট-১ আৰু ২ৰ উদ্যোগত যোৱা ১ অক্টোবৰৰ পৰা মহাবিদ্যালয়ৰ চৌপাশৰ লগতে চহৰখনৰ বিভিন্ন ব্যৱসায়িক অঞ্চল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এলেকাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ জৰীপ, সংগ্ৰহ আৰু নিষ্কাষণৰ ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে।

এই কাৰ্যসূচীৰ অংশ হিচাপে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ পৃষ্ঠপোষকতাত আৰু নগাঁও কলেজ (অ’টনমাচ) ৰ এন এছ এছ গোট প্ৰথম আৰু দ্বিতীয় গোটৰ কাৰ্যসূচী বিষয়া ড০ ভুৱন চন্দ্ৰ চুতীয়া আৰু ড০ মানস জোতি নিৰ্মলীয়াৰ নেতৃত্বত আজি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্ৰহ আৰু নিষ্কাষণৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰায় ডেৰ শতাধিক এন এছ এছৰ সদস্যই কলেজ চৌহদ, চহৰখনৰ বিভিন্ন ব্যৱসায়িক অঞ্চল, ৱাৰ্ড আৰু সদস্যসকলৰ নিজ এলেকাৰ স্থানীয় লোকৰ সহযোগত প্ৰায় ডেৰ কুইন্টল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্ৰহ আৰু নিষ্কাষণৰ ব্যৱস্থা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গোটৰ সদস্যসকলে নগাঁও পৌৰসভাৰ সহযোগত চহৰখনৰ বিভিন্ন ব্যৱসায়িক অঞ্চলৰ পৰা প্ৰায় ৬৫ কেজি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্ৰহ কৰি পৌৰসভাক নিষ্কাষণৰ বাবে অৰ্পণ কৰিছিল। এন এছ এছ গোটৰ এই কাৰ্যসূচীয়ে নগাঁও পৌৰসভাৰ লগতে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু কলেজৰ অধ্যক্ষ ড০ বৰকটকীয়ে এন এছ এছ গোটক ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in