নগাওঁ কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ...

উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পূবলৈ চোৱা নীতিৰ কেন্দ্ৰস্থল কৰাৰ যথেষ্ট থল আছেঃ অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মা

author-image
Asomiya Pratidin
New Update
নগাওঁ কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ...

আলোচনা চক্ৰ

ডিজিটেল সংবাদ , নগাঁওঃ উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ আৰু বহিঃ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আৰু অৰ্থনৈতিক উপনিবেশিক সংস্কৃতি নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি বৃহস্পতিবাৰে নগাওঁ কলেজ (অট'নমাচ) ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত বিশিষ্ট অতিথি হিচাপে অনলাইনযোগে দিল্লীৰ পৰা উপস্থিত থাকি মন্তব্য কৰে অসম চৰকাৰৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেণ চন্দ্ৰ নাথে । নাথে আলোচনা চক্ৰ খনত উপস্থিত থাকি এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে।

Advertisment

নগাওঁ কলেজ (অট'নমাচ) ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত আৰু ভাৰতীয় সামাজিক বিজ্ঞান অনুসন্ধান পৰিষদ (আই চি এস এস আৰ)ৰ পৃষ্ঠপোষকতাত "উন্নয়ন,শান্তি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সহযোগিতাঃভাৰতবৰ্ষৰ ভূ-ৰাজনীতিত উত্তৰ-পূব অঞ্চলৰ প্ৰসংগক্ৰমে " শীৰ্ষক এখন দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আলোচনা চক্ৰ খনৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি লংকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ,ৰাজনীতি বিজ্ঞানৰ বিশিষ্ট গৱেষক ড° অমৰজিৎ সিং ভুঁইয়ে এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আৰু আলোচনা চক্ৰৰ সাংগঠনিক সম্পাদক দেৱাশীষ নাথে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে নগাওঁ কলেজ (অট'নমাচ)ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সমন্বয় আৰু সম্পৰ্কৰ কথা উল্লেখ কৰি আন্তৰ্জাতিক ৰাজনীতিত উত্তৰ পূৰ্বাঞ্চলৰ এক সুকীয়া স্থান আছে বুলি ড° বৰকটকীয়ে মন্তব্য কৰে। ড° বৰকটকীয়ে লগতে উত্তৰ পূৰ্বাঞ্চলক চুই যোৱা আন্তঃৰাষ্ট্ৰীয় সীমাৰ কথা উল্লেখ কৰি উত্তৰ পূৰ্বাঞ্চলত এক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্পূৰ্ণ সম্ভাৱনীয়তাৰ কথা আৰু এই ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে।

অনুষ্ঠানত আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই নগাওঁ কলেজৰ গুণগত শিক্ষা , গৱেষণা আৰু সম্প্ৰসাৰণ কাৰ্যসূচীক সামৰি এক চমু অৱলোকন উপস্থিত অংশগ্ৰহণকাৰী সকলৰ জ্ঞাতাৰ্থে দাঙি কৰে। আলোচনা চক্ৰ খনত মুখ্য বক্তা আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট গৱেষক ,কবি ,ৰাজনীতিৰ সমালোচক অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাই ব্যক্ত কৰে যে, উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পূবলৈ চোৱা নীতিৰ কেন্দ্ৰস্থল কৰাৰ যথেষ্ট থল আছে । ভাৰতবৰ্ষৰ পূবলৈ চোৱা নীতিক যদি উত্তৰ পূৰ্বাঞ্চলৰ মাজেৰে দক্ষিণ -পূব এছিয়ালৈ সম্প্ৰসাৰিত কৰা হয়, উত্তৰ পূৰ্বাঞ্চলত উন্নয়ন আৰু শান্তিৰ নতুন বতাহ বলিব পাৰে।

তদুপৰি নিৰাপত্তা বিষয়টোক আমি পৰম্পৰাগত আৰু অপৰম্পৰাগত দুটা বহল ভাগত বিভক্ত কৰি অপৰম্পৰাগত নিৰাপত্তাকো পৰম্পৰাগতৰ সমানে অগ্ৰাধিকাৰ দিবলৈ উত্তৰ পূৰ্বাঞ্চলত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ গুৰুত্ব আমি লক্ষ্য কৰিব লাগিব বুলি উল্লেখ কৰে।

ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰঞ্জিত মজিন্দাৰে আলোচনা চক্ৰ খনৰ এক আলোকপাত দাঙি ধৰি আৰু আলোচনা চক্ৰখনিৰ উদ্দেশ্য ব্যাখ্যা কৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত সামাজিক অনুষ্ঠান সমূহৰ ভূমিকা ,সীমা সমস্যা দূৰীকৰণ আৰু স্থায়ী সমাধানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে আৰু এই ক্ষেত্ৰত বৰ্তমান পৰিস্থিতি আৰু চৰকাৰৰ তৎপৰতা আৰু কৰণীয়তাৰ কথাও উল্লেখ কৰে।

আদৰণী অনুষ্ঠানৰ আঁত ধৰে ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা আৰু আলোচনাচক্ৰ খনৰ আহ্বায়ক ড° সংগিতা বৰাই। সহকাৰী অধ্যাপিকা গীতিকা বৰাই নিমন্ত্ৰিত অতিথিসকলক আদৰণী জনায়। বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ঋষি ভাৰ্গব দাস প্ৰতিবেদক হিচাপে আদৰণী অনুষ্ঠানত উপস্থিত থাকে। আলোচনা চক্ৰ খনত ভাৰতৱৰ্ষৰ বিভিন্ন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ৫০ ৰো অধিক অংশগ্ৰহণকাৰীৰ লগতে নগাওঁ কলেজ (অট'নমাচ) ৰ উপাধ্যক্ষ ৰামপ্ৰসাদ পউৰেল ,মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ, আৰু প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

nagaon nagaon college