/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/45ed2a02-ef3c-462e-953d-8307329df664/nagaon_apsc.jpg)
নগাঁও মহাবিদ্যালয়ৰ সম্বৰ্ধনা সভা
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত অসম লোকসেৱা আয়োগ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নগাঁও কলেজৰ ৫গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা জনায়।তেওঁলোক ক্ৰমে অমৰ জ্যোতি শইকীয়া (প্ৰাণী বিজ্ঞান বিভাগ) অসম আৰক্ষী বিভাগ আৰু অসম চিভিল চাৰ্ভিচত উৰ্ত্তীৰ্ণ ক্ৰমে জোনালী দেৱী (ৰসায়ন বিজ্ঞান বিভাগ) , চয়নিকা হাজৰিকা (ৰসায়ন বিজ্ঞান বিভাগ), প্ৰজ্ঞা জ্যোতি লস্কৰ (পদাৰ্থ বিজ্ঞান বিভাগ) আৰু জাহ্নৱী বৰা (ৰাজনীতি বিজ্ঞান বিভাগ)ক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/30b14a78-9ef7-4b83-ae33-87aa119b6af6/nagaon_apsc2.jpg)
অনুষ্ঠানত অমৰ জ্যোতি শইকীয়া, প্ৰজ্ঞা জ্যোতি লস্কৰ, জাহ্নৱী বৰা উপস্থিত থাকে। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আৰু আদৰনী ভাষণ প্ৰদান কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অৰিন্দম নাৰায়ণ শৰ্মাই।
ভাষণত ড০ বৰকটকীয়ে উত্তীৰ্ণ আটাইকেইগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰি সৎ বিষয়া হ’বলৈ আশীৰ্বাদ প্ৰদান কৰে আৰু সমাজ আৰু মানুহৰ বাবে নিস্বাৰ্থভাৱে কাম কৰাৰ আহ্বান জনায়। লগতে আটাইকেইগৰাকীকে অনুজসকলক পৰামৰ্শ আৰু সহযোগিতাৰে আগুৱাই লৈ যাবৰ বাবে অনুৰোধ কৰে আৰু ঐতিহ্যমণ্ডিত নগাঁও কলেজৰ গৰিমা বৰ্তাই ৰখাৰ বাবে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/00c9c05a-5d88-4f0f-91e3-7ab4aeaa2506/nagaon_apsc1.jpg)
সভাত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক সৌহাদ্যপূৰ্ণ মত বিনিময় কৰে আৰু অনুজসকলক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। অনুষ্ঠানটোৰ আঁত ধৰি ড০ চুতীয়াই আটাইকেইগৰাকীকে শুভেচ্ছা প্ৰদান কৰে। তদুপৰি তেওঁ উল্লেখ কৰে অসম চৰকাৰে অনুষ্ঠিত কৰা সদ্যঘোষিত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত নগাঁও কলেজৰ ১৯৫ জন ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
সভাত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, সকলো বিভাগৰ মুৰব্বী অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। ড০ ভুৱন চন্দ্ৰ চুতীয়াই প্ৰদান কৰা শলাগৰ শৰাইৰ দ্বাৰা সম্বৰ্ধনা অনুষ্ঠানৰ অন্ত পৰে।