/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/477d0fcb-7a7d-4a01-b90e-b3e71ff10778/nagaon_college.jpg)
nagaon college
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও কলেজত দুদিনীয়াকৈ আয়োজন কৰা নৱাগত আদৰণি অনুষ্ঠানৰ বৃহস্পতিবাৰে সামৰণি পৰে। যোৱা ৭চেপ্তেম্বৰ তাৰিখে পুৱা ৯বজাত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা দুদিনীয়া নৱাগত আদৰনী সভাৰ মুকলি সভাত সুদক্ষ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া,সাহিত্যিক, সুবক্তা থানেশ্বৰ মালাকাৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকি ভাষণত কয় যে শ্ৰেণীকোঠাৰ ভিতৰৰ পৰাই পৃথিৱীখন সলনি কৰিব পাৰি। শ্ৰদ্ধাৱান সকলেহে জ্ঞান আহৰণ কৰিব পাৰে।ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ উল্লেখ কৰে যে জিজ্ঞাসা থাকিলেহে সফলতা লাভ কৰিব পাৰি। তেওঁ লগতে কয় যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক হ’ল কৃষ্ণ আৰু ছাত্ৰ হ’ল অৰ্জুন। ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি দিয়া মনোজ্ঞ বক্তৃতাত তেওঁ উল্লেখ কৰে যে সৰিয়হ ফুলৰ মাজত খোজকাঢ়ি সৰিয়হ ফুলৰ গোন্ধ ল’ব জনা জনহে পৃথিৱীৰ যিকোনো বস্তুৰে গোন্ধ ল’ব পাৰে।
শিক্ষক তত্ত্বাৱধায়ক শৈলেন শৰ্মাই আঁত ধৰা নৱাগত আদৰনী সভাৰ মুকলি সভাত সভাপতিত্ব কৰে নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত ড০ বৰকটকীয়ে নগাঁও কলেজ (অট’নমাচ) এ আগবঢ়োৱা গুণগত শিক্ষা আৰু মানৱ সেৱাক আধাৰ হিচাপে ল’বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও কলেজ (অট’নমাচ) ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্ত। ড০ দত্তই ৰামায়ণৰ উদ্ধৃতি দি ছাত্ৰ-ছাত্ৰীসকলক নিষ্ঠাৱান, নিস্বাৰ্থ আৰু সুনাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান কৰে। সভাত শিক্ষকসকলৰ পৰা উপাধ্যক্ষা বন্তি নেওগ আৰু ড০ ভুৱন চন্দ্ৰ চুতীয়াই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। অধ্যাপিকা নেওগে নৱাগতাসকলক শুভেচ্ছা জ্ঞাপন কৰি কলেজৰ পৰা উৎকৃষ্ট শিক্ষা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ চুতীয়াই ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বতোপ্ৰকাৰৰ গুণগত উৎকৰ্ষ সাধনত কলেজে আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰম, পাঠ্যক্ৰম বহিৰ্ভুত সম্প্ৰসাৰণ কাৰ্যক্ৰম আৰু টাইম বেংকৰ বিষয়ে অৱগত কৰে।
নগাঁও কলেজ (অট’নমাচ) ৰ সাধাৰণ সম্পাদক অৰিন্দম নাৰায়ণ শৰ্মাই মুকলি সভাত সকলোকে আদৰণি জনাই বিগত কালৰ খতিয়ান দাঙি ধৰে। নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত স্থানপ্ৰাপ্ত আৰু বৰ্তমান নগাঁও কলেজ (অট’নমাচ) ৰ বাণিজ্য শাখাৰ প্ৰথম ষান্মাসিকৰ বাণিজ্য শাখাৰ ছাত্ৰী চিমৰণ সুৰানা আৰু চন্দন বৰাই বক্তব্য প্ৰদান কৰে। লগতে পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা তৰ্ক বিভাগৰ সম্পাদক ৰিচাড ভূঞাই বক্তব্য প্ৰদান কৰে। ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক শুভম সিঙে শলাগৰ শৰাই আগবঢ়ায়। মুকলি সভাৰ অন্তত ড০ প্ৰশান্ত খনিকৰ, ড০ কৰবী দেৱী, দিবাকৰ বৰদলৈ আৰু ড০ মানস জ্যোতি নিৰ্মলীয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত প্ৰীতি সন্মিলনত ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে মত বিনিময় কৰে।
নৱাগত আদৰনী সভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত চল্লিচৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে নৃত্য-গীত পৰিৱেশন কৰে আৰু নিমন্ত্ৰিত শিল্পী বিশ্ৰুত শইকীয়া আৰু ৰিচা ভৰদ্বাজে গীতৰ শৰাই আগবঢ়ায়। এই অনুষ্ঠানতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে চলিত বৰ্ষৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক-গায়িকাক লৈ আয়োজন কৰা অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা নগাঁও কলেজৰ শ্ৰেষ্ঠ গায়িকা শ্ৰদ্ধা বৰগোহাঁইক কলেজৰ উপাধ্যক্ষ ড০ ৰামপ্ৰসাদ পৰেলে সম্বৰ্ধনা জনায়।