ডিজিটেল সংবাদ,নগাঁওঃ অসম বিজ্ঞান প্ৰযুক্তি আৰু পাৰিপাৰ্শ্বিক পৰিষদৰ সমৰ্থনত বুধবাৰে নগাঁও কলেজ (অট’নমাচ)ত ‘উদ্ভাৱনী আৰু শৈক্ষিক আই পি আৰ’ শীৰ্ষক দুদিনীয়া কৰ্মশালাখনি অনুষ্ঠিত হয়।নগাঁও কলেজৰ আই পি আৰ কোষৰ উদ্যোগত আভ্যন্তৰীণ মান আশ্বাসন কোষ আৰু প্ৰতিষ্ঠানিক উদ্ভাৱনী কোষৰ সহযোগত কৰ্মশালাখন অনুষ্ঠিত হয়।
উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভূৱন চন্দ্ৰ চুতীয়াই। কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী আই আই টিৰ প্ৰাক্তন উপ সঞ্চালক অধ্যাপক শচীন্দ্ৰ কুমাৰ কাকতি।
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কাকতিয়ে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সৈতে গৱেষণাক একাকাৰ কৰি ব্যক্তিগত বা প্ৰতিষ্ঠানিক স্বীকৃতিৰ পৰিৱৰ্তে সমাজৰ লাভৰ ওপৰত আৰোপ কৰিব লাগে বুলি মন্তব্য কৰে।
অধ্যাপক কাকতিয়ে ডিজাইন, উদ্ভাৱন আৰু গৱেষণাৰ সংযোগস্থলত গুৰুত্ব আৰোপ কৰি অংশগ্ৰহণকাৰীসকলক সৃষ্টিশীল আৰু সমালোচনাত্মক চিন্তাৰ জৰিয়তে বাস্তৱ জগতৰ সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়।
কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে এষ্টেকৰ পেটেন্ট ইনফৰ্মেশ্যন চেন্টাৰৰ প্ৰকল্প বিজ্ঞানী ড০ শিল্পী তালুকদাৰ আৰু দীপামণি বৈশ্য আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ আই পি আৰ কোষৰ গৱেষণা বিষয়া ড০ জুৰি বি. শইকীয়া। নগাঁও কলেজ (অট’নমাচ)ৰ আই পি আৰ কোষৰ সহকাৰী সমন্বয়ক ড০ মানস জ্যোতি বৰাই কৰ্মশালাখনৰ কাৰিকৰী সত্ৰৰ আঁত ধৰে।
নগাঁও কলেজ আৰু অন্যান্য কলেজৰ অধ্যাপক-অধ্যাপিকা, গৱেষক-গৱেষিকা, ছাত্ৰ-ছাত্ৰীকে ধৰি দুই শতাধিক অংশগ্ৰহণকাৰী কৰ্মশালাখনত উপস্থিত থাকে। নগাঁও কলেজৰ আই আই চিৰ আহ্বায়ক ড০ ডিংকি মিশ্ৰই সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰি দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মাশালাখনিত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।