কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ সেনা জোৱানৰ...

আদালতে আক্ৰমণকাৰী জোৱানগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে

author-image
Asomiya Pratidin
New Update
কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ সেনা জোৱানৰ...

Nagaon

ডিজিটেল সংবাদ,নগাঁওঃ মাজনিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসকক আক্ৰমণ সেনা জোৱানৰ ৷ জানিব পৰা মতে আক্ৰমণকাৰী জোৱান ৰেইহান উদ্দিন আহমেদৰ ঘৰ ঢাকাইপট্টিত।

Advertisment

অভিযোগ অনুসৰি ৰেইহান উদ্দিনে নিজ সন্তানক নিশা অসুস্থতাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনিছিল ৷ নিশা চিকিৎসালয়লৈ সন্তানক অনাৰ পিছত চিকিৎসকে চিকিৎসা প্ৰদান কৰিবলৈ অমান্তি হয় ৷ চিকিৎসক ডা° গুনীন্দ্ৰ বৰদলৈয়ে শিশুটিক ম’হখুলিস্থিত শিশু আৰু প্ৰসূতি চিকিৎসালয়লৈ নিবলৈ পৰামৰ্শ দিয়ে ৷

উল্লেখ্য যে, শিশুটিক চিকিৎসা প্ৰদান নকৰি ম’হখুলিলৈ নিবলৈ কোৱাৰ পিছত ভাৰতীয় সেনা বাহিনীত কৰ্মৰত ৰেইহান উত্তেজিত হৈ পৰে আৰু চিকিৎসকক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ পিছত আক্ৰমণকাৰী ৰেইহানক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে আবদ্ধ কৰি ৰাখি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে নিশাই আক্ৰমণকাৰী ৰেইহানক আটক কৰে আৰু আদালতত হাজিৰ কৰায় ৷ সেই অনুসৰি আদালতে আক্ৰমণকাৰী জোৱানগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

nagaon police nagaon Assam police