/asomiyapratidin/media/media_files/2025/07/15/cxcxc-2025-07-15-21-46-13.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত এজন কয়দীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত্যু হোৱা কয়দীজন নগাঁও জিলাৰ কলিয়াবৰৰ মিছামুখ কলবস্তিৰ সঞ্জু বিশ্বাস। নগাঁৱৰ উলুৱনী আৰক্ষী থানাৰ ২৫/২৫ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল সঞ্জু।
উল্লেখযোগ্য যে, উলুৱনী আৰক্ষী থানাৰ আৰক্ষীয়ে ১৪ মে’ত ভুটান সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰি ১৫ মে’ত কলিয়াবৰ ন্যায়িক আদালতত হাজিৰ কৰাই সঞ্জুক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। সোমবাৰে কাৰাগাৰত থকা অৱস্থাত কয়দী জনৰ মৃত্যু হয়। অৱশ্যে মঙলবাৰেহে ঘটনাটো পোহৰলৈ আহে।
ইফালে সোমবাৰেই নগাঁও মেডিকেল কলেজ হাস্পতালত মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়া হয়। সঞ্জুৰ কি পৰিস্থিতিত কিয় মৃত্যু হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us