/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/akorcjt1/28.jpg)
ডিজিটেল সংবাদ,নগাঁও: সমগ্র দেশত উদযাপিত হবলগা আন্তৰ্জাতিক কন্যা দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাটো ২ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ কন্যা শিশুৰ আত্মৰক্ষা আৰু সুৰক্ষাৰ এলানি বিস্তৃত সজাগতা কাৰ্যসূচী জিলা, খণ্ড আৰু গাঁও পঞ্চায়তত উদযাপন কৰি থকা হৈছে । এই উপলক্ষে আজি নগাঁও জিলা পুথিভঁৰালত জিলা সমাজ কল্যাণ বিভাগ আৰু সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত মাতৃ কিশোৰী মেলা অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানটি শুভ উদ্বোধন কৰে নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাই। উদ্বোধনী ভাষণত বিধায়ক গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাৰীৰ সৱলীকৰণ আৰু আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সম্পৰ্কে সাৱলীল বক্তব্য আগবঢ়ায়। মহিলাক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ এই চৰকাৰখনে অহৰহ চেষ্টা কৰি আছে বুলি তেখেতে অৱগত কৰে।
সমাজত কন্যা সন্তানৰ উচ্চ শিক্ষা, সুৰক্ষা আৰু বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা "মুখ্যমন্ত্ৰীৰ নিযুত মইনা" অভিলাসী আঁচনিখনৰ বিষয়েও তেখেতে বিস্তৃত বাখ্যা আগবঢ়ায়। তেখেতে উল্লেখ কৰে যে, সমাজত নাৰীৰ অৱদান অতুলনীয়, ভাৰতীয় সংস্কৃতিত নাৰী সমাজক সদায় উচ্চ স্থানত ৰখা হয় আৰু নাৰীক শক্তিৰ ৰূপত পূজা কৰা হয়।সেয়েহে আমি সকলোৱে নাৰীক সমমৰ্য্যদা প্ৰদান কৰি তেওঁলোকক সকলো ক্ষেত্ৰতে আগুৱাই লৈ যাব লাগে।
উক্ত সভাত অসম ৰাজ্যিক মিছন সমন্বয়ক ৰুবী ভাগৱতী শৰ্মাই সভাত মহিলা সকলৰ সুৰক্ষা আৰু সৱলীকৰণৰ বাবে চৰকাৰে লোৱা বেটি বচাও বেটি পঢ়াও, নাৰী আদালত, সখী একক অৱস্থান কেন্দ্ৰ, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, শক্তিসদন, পালনা, সখীনিবাস আদি বিভিন্ন আঁচনিৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেখেতে অসহায় বিপদগ্ৰস্ত মহিলাৰ বাবে জৰুৰীকালীন ফোন সেৱা ১৮১ ৰ বহুল প্ৰচাৰৰ বাবে সভাত উপস্থিত সকলোকে আহ্বান জনায়।
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ দৰে অংগণবাড়ী কেন্দ্ৰৰ শিক্ষাৰ্থী সকলো যে সকলো দিশতে পাৰ্গত তাৰ উজ্জ্বল প্ৰতিফলন হ'ল আজি সেই শিক্ষাৰ্থী সকলৰ দ্বাৰা অনুষ্ঠানত প্ৰদৰ্শিত সাজ-পাৰ প্ৰতিযোগিতাখনি। আজিৰ এই প্ৰতিযোগিতাখনিত কন্যা শিক্ষাৰ্থী সকলৰ লগতে তেওঁলোকৰ মাতৃ সকলেও অংশগ্ৰহণ কৰে । আজিৰ এই মাতৃ কিশোৰী মেলাত বিভিন্ন বিভাগে স্থাপন কৰা ষ্টল সমূহত তেওঁলোকৰ বিভাগে ৰূপায়ণ কৰা আঁচনি সমূহ প্ৰদৰ্শন কৰাৰ লগতে প্ৰচাৰ পত্ৰ বিতৰণ কৰ । জুন্তি হাজৰিকাৰ পৰিচালনাৰে বাল্যবিবাহ ৰোধ আৰু ঘৰুৱা হিংসা প্ৰতিৰোধৰ সজাগতাৰ বাবে দুখন পুতলা নাট মনস্থ কৰাৰ লগতে নিচা মুক্তিৰ ওপৰত এখনি চুটি ছবিও প্ৰদৰ্শন কৰা হয় ।
খাগৰিজান শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা পিংকি বৰাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা আজিৰ এই অনুষ্ঠানটিত জিলাৰ অতিৰিক্ত আয়ুক্ত(মহিলা আৰু শিশু বিকাশ) কাকু মণি শইকীয়া, জিলা সমাজ কল্যান বিষয়া ভোলানাথ পেগু, জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া উপস্থিত থাকে।
লগতে সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰ, নগাঁও ৰ জিলা কাৰ্যক্ৰম সমন্বয়ক তথা জিলা মিছন সমন্বয়ক কুইন বৰা,জিলা শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া সকল,অসম ৰাজ্যিক জীৱিকা অভিযানৰ জিলা আঁচনি প্ৰবন্ধক, জিলা মহিলা সমিতিৰ বিষয়ববীয়া সকল, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া সকল, মুখ্য সেৱিকা সকল, অংগণবাড়ী কৰ্মী সকল, বিভিন্ন অংগণবাড়ী কেন্দ্ৰৰ এলেকাৰ কিশোৰী সকলৰ লগতে তেওঁলোকৰ অভিভাৱক সকল উপস্থিত থাকে ।