Advertisment

নগাঁও গ্ৰন্থমেলাৰ লাইখুটা স্থাপন

নগাঁও গ্ৰন্থমেলাৰ প্ৰস্তুতিৰ অংশৰূপে বুধবাৰে পুৱা এক উলহ-মালহ পৰিবেশৰ মাজেৰে  নেহৰুবালিৰ শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই  "নগাঁও গ্ৰন্থমেলা ২০২৪"ৰ লাইখুটা স্থাপন কৰে

author-image
Asomiya Pratidin
New Update
sg

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত অহা ১৭ ডিচেম্বৰৰ পৰা নগাঁও চহৰৰ কলঙপাৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালি বাকৰিৰৰ কিৰণ শঙ্কৰ ৰয়,ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত অনুষ্ঠিত হ'ব "নগাঁও গ্ৰন্থমেলা ২০২৪"।

Advertisment

নগাঁও গ্ৰন্থমেলাৰ প্ৰস্তুতিৰ অংশৰূপে বুধবাৰে পুৱা এক উলহ-মালহ পৰিবেশৰ মাজেৰে  নেহৰুবালিৰ শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই  "নগাঁও গ্ৰন্থমেলা ২০২৪"ৰ লাইখুটা স্থাপন কৰে । লাইখুটা স্থাপন অনুষ্ঠানত নগাঁও গ্ৰন্থমেলা ২০২৪ৰ উদযাপন সমিতিৰ বিষয় -ববীয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু সাংস্কৃতিক গোষ্ঠী কল্লোলৰ বিষয় -ববীয়াসকল আৰু শুভাকাংখী ৰাইজ উপস্থিত থাকে।

অহা ১৭ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া নগাঁও গ্ৰন্থমেলাত ৰাজ্যৰ বহু অগ্ৰণী প্ৰকাশন গোষ্ঠীৰ গ্ৰন্থ বিপনীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰো শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। লগতে গ্ৰন্থ মেলাত কেইবাখনো মনোজ্ঞ আলোচনা চক্ৰ,কবি সন্মিলন আদি অনুষ্ঠিত হ'ব য'ত ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক,কবিয়ে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

assam book fair 2024-25