/asomiyapratidin/media/media_files/2024/12/17/WCicC4wbbVknMLiHpudv.jpg)
ডিজিটেল সংবাদ, নগাঁও: গ্ৰন্থৰ সুৱাস বিলাই আৰম্ভ হ'ল নগাঁও গ্ৰন্থমেলা ৷ কলঙৰ বাকৰি নেহৰুৱালিত মঙলবাৰৰে পৰা আৰম্ভ হৈছে নগাঁও গ্ৰন্থমেলা-২০২৪ ৷ কিৰন শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকাৰ শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত পতাকা উত্তোলনৰে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলা হয় ৷
গ্ৰন্থমেলাস্থলীত পতাকা উত্তোলন কৰে ৰোহিত কলিতাই ৷ অনুষ্ঠানত গিৰিন্দ্ৰ কুমাৰ বৰুৱা, নৌচাদ আখতাৰ হাজৰিকা, শিবানন্দ কাকতী আদি উপস্থিত থাকে ৷ বিয়লি অনুষ্ঠিত হয় নগাঁও গ্ৰন্থমেলাৰ শুভ উদ্বোধনী অনুষ্ঠান ৷
গ্ৰন্থমেলা খনিৰ শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তই ৷ লগতে অনুষ্ঠানটিত সাহিত্যিক তিলক মজুমদাৰ, মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্ত, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আদি উপস্হিত থাকে ৷ গল্পকাৰ শিবানন্দ কাকতীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে ৰোহিত কলিতাই ৷