তিনি কুৰি কবিৰ কাকলিত জীপাল নগাঁও গ্ৰন্থমেলাৰ বাকৰি...

তিনি কুৰি কবিৰ কাকলিত জীপাল নগাঁও গ্ৰন্থমেলাৰ বাকৰি...
তিনি কুৰি কবিৰ কাকলিত জীপাল নগাঁও গ্ৰন্থমেলাৰ বাকৰি...

ডিজিটেল সংবাদ নগাঁও : অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “কল্লোল” আৰু নগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা গ্ৰন্থমেলাস্থলীত শুকুৰবাৰে "ৰণাংগন প্ৰকাশন"ৰ উদ্যোগত আমন্ত্ৰিত কবি মেল অনুষ্ঠিত হয় ৷ এই কবি মেলত বিশিষ্ট সাহিত্যিক তথা সাহিত্যিক পেঞ্চনাৰ পৰাণ কুমাৰ বৰুৱা, গ্ৰন্থমেলাৰ সম্পাদক তথা বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, উপ-সভাপতি থগিত মহন্ত, ভৱেশ মেধি, ড০ মঞ্জু লস্কৰ, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই নিমন্ত্ৰিত অতিথিৰূপে অংশ গ্ৰহণ কৰে৷

বিশিষ্ট কবি-সমালোচক দুলাল চন্দ্ৰ দাসে সঞ্চালনা কৰা অনুষ্ঠানটোত ড০ মঞ্জু লস্কৰ, পদুম ৰাজখোৱা, থগিত মহন্ত, গুণ কাকতী, ত্ৰিদীৱ লস্কৰ, ড০ বসন্ত কুমাৰ বৰা, ড০ ত্ৰিবেণী শইকীয়া, ড০ নিৰ্মালী বৰা, বিচিত্ৰ নাৰায়ণ বৰা, বিজন পাটৰ, প্ৰদীপ কুমাৰ শইকীয়া, মোলান লস্কৰ, মনোজ কুমাৰ দেওৰজা, প্ৰেমেশ্বৰ ঠাকুৰীয়া, দীপ্তি বৰা, কবিন পাটৰ, সাৰংগধৰ ৰাজা, নিৰুপমা দাস বৰদলৈ, ৰাজু সমীৰণ, কল্যাণ কুমাৰ বৰা, নীলাভ সৌৰভ, ৰবি শংকৰ বৰদলৈ, দুৰ্গেশ্বৰ বৰকটকী, ময়ূৰ কুমাৰ বৰা, হিমাদ্ৰী হাজৰিকা, যুতিকা দেৱী, অজন্তা তামুলী ফুকন, নয়ন কমল শইকীয়া, কৰবী দেৱী, কৰৱী শইকীয়া, ড০ কৰৱী দেৱী, ড০ ৰুবা ফুকন, ৰশ্মিতা শইকীয়া, অনুপম ভাগৱকে ধৰি ৬০ গৰাকী কবিয়ে কবি মেলত স্বৰচিত কবিতা পাঠ কৰে৷ আনহাতে, ৰণাংগন উদ্যোক্তা হিচাপে মিন্টু দাসে কবি মেল অনুষ্ঠানটো পৰিচালনা কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in